বকোৰ ছমৰীয়াত সদৌ অসম বাঙালী পৰিষদৰ প্ৰথম বাৰ্ষিক অধিবেশন

923f255d 5f81 43d6 be8c e40cf7d3d81a

দিনযোৰা কাৰ্যসূচিৰে বকোৰ ছমৰীয়াত অনুষ্ঠিত হয় সদৌ অসম বাঙালী পৰিষদৰ প্ৰথম বাৰ্ষিক অধিবেশন। অধিবেশন খনত মুখ্য অতিথিৰ আসনত বহি হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে প্ৰদীপ দত্ত ৰয়ক বাঙালী নেতা হ’বই নোৱাৰে বুলি মতপোষণ কৰে।

প্ৰদীপ দত্ত ৰয়ৰ বাংলা ভাষা শুনিলে কলকাতাত হাঁহিব বুলি ইতিকিং কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়, তেওঁৰ লগতে পৰিয়ালটো ৰিফিউজি। বাংলাদেশৰ পৰা ত্ৰিপুৰা তাৰ পাছত বৰাকত আহি ভাষা আন্দোলন কৰিব বিচাৰিছে। অসমৰ নাগৰিক হিচাবে আমি প্ৰত্যোকেই অসমীয়া। বিভেদৰ ৰাজনীতি কৰি পৰিয়ালৰ লোকেই সদস্যভূক্ত নোহোৱা এটি ৰাজনৈতিক দলৰ‌ প্ৰচাৰত নামি পৰিছে।

প্ৰদীপ দত্ত ৰয়ৰ ভৰিৰ তলত কিমান মাটি আছে তেওঁ নিজে জানে যাৰ বাবে ফেচবুক আৰু হোৱাটছএপ্ ত ৰাজনীতি অব্যাহত ৰাখিছে। বৃহত্তৰ হিন্দু সমাজক বিভেদ আনিব বিচৰা প্ৰদীপ দত্ত ৰয়ক এঘৰীয়া কৰাৰ লগতে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ বাবে বৰাক বাসীক আহ্বন জনালে শিলাদিত্য দেৱে।

সদৌ অসম বাঙালী পৰিষদৰ প্ৰথম বাৰ্ষিক অধিবেশনখনত গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জ্ঞানেন্দ্ৰ বৰ্মন,সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সভাপতি শান্তনু শ্যান্যাল ,৩নং নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক উপস্থিত থাকে।

Exit mobile version