উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত আদিবাসী কলনীৰ ৰাইজ

১১ বছৰে সম্পূৰ্ণ নহল জেকবপুৰৰ দহখন বিচনা যুক্ত চিকিৎসালয়

WhatsApp Image 2021 11 29 at 12.57.24 PM

যি সময়ত জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি প্ৰস্তুত কৰি কোটি কোটি টকা ধার্য কৰিছে ঠিক তেনে সময়ত গ্ৰাম্য অঞ্চলত আজিও চিকিৎসা সেৱা ব্যাহত হৈ আছে।

গ্ৰাম্য অঞ্চলৰ জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ চৰকাৰে বিভিন্ন আঁচনি লোৱাৰ সমান্তৰাল কৈ গাঁৱে গাঁৱে স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ, ১০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। বহু অঞ্চলত কোটি কোটি টকা খৰচ কৰি স্বাস্থ্য সেৱা আৰম্ভ আৰু সুচল কৰিবলৈ স্থাপন কৰা চিকিৎসালয় সমূহ আজিও সম্পূৰ্ণ নহ’ল আৰু মুকলি নহ’ল।

যাৰ ফলত সাধাৰণ জনতা বিভিন্ন সময়ত নানা ধৰণৰ ৰোগৰ মুখামুখি হোৱাৰ লগতে অকালতে মৃত্যুক সাৱটি লৈছে। তেনে এখন চিকিৎসালয় হৈছে গোসাঁইগাঁও মহকুমা স্বাস্থ্য বিভাগৰ অধীনস্ত জেকবপুৰ ১০খন যুক্ত চিকিৎসালয়।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ধনেৰে ২০১০ চনত গোসাঁইগাঁৱৰ জেকবপুৰত ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ১০ খন বিচনাযুক্ত এখন চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হৈছিল।

কিন্তু আজি ১১ বছৰ অতিক্ৰম কৰিবলৈ হ’ল সেইখন চিকিৎসালয়ৰ নিৰ্মাণ কাম সম্পুৰ্ণ নহ’ল। চিকিৎসালয়খনৰ নিৰ্মাণ কাম প্ৰায় ৭০ শতাংশ হোৱাৰ স্বত্ত্বেও ৰহস্যজনকভাৱে স্তব্ধ হৈ পৰিল।

যাৰ ফলত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পুঁজিৰ লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জেকবপুৰ ১০ খন যুক্ত চিকিৎসালয়খন সম্প্ৰতি দুৱাৰ – খিৰিকী জহি – খহি যোৱাৰ লগতে হাবি জংঘলে ঢাকি ধৰিছে। সেয়াই নহয় অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থোৱা চিকিৎসালয়খন এতিয়া অসমাজিক কাৰ্য কলাপৰ কেন্দ্ৰ হৈ পৰিছে।

ইয়াৰ উপৰিও চিকিৎসালয়ৰ কাষতে কেতিয়াবাই বিভাগে নিৰ্মাণ কৰিছিল তিনিটা কৈ আবাস গৃহ । যি সমূহ আবাস গৃহৰ আজি নাই কোনো অস্তিত্ব। প্ৰায় ৪০- ৫০ শতাংশ নিৰ্মাণ কাম হোৱা বৃহৎ আকাৰৰ তিনিটা আবাস গৃহ এতিয়া হাবি জংঘলৰ তলত।

উক্ত ১০খন বিচনা যুক্ত চিকিৎসালয়খন আৰম্ভ হোৱা দেখা পাই বৃহত্তৰ আদিবাসী কলনীৰ আদিবাসী সম্প্ৰদায়ৰ লোক সকলে আশ্বস্ত লাভ কৰিছিল আৰু উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰাৰ আশা কৰিছিল যদিও সেয়া ১১ বছৰে বাস্তৱত হৈ উঠা নাই।

চৰকাৰৰ এনে কাম কাজ প্ৰত্যক্ষ কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাই গভীৰ দুখ প্ৰকাশ কৰি কয় যে, আদিবাসী সকল সকলো দিশতে বঞ্চিত হৈ আহিছে। নূন্যতম স্বাস্হ্য সেৱা আজিও লাভ কৰা নাই।চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে যদিও সেই সুবিধা যে আদিবাসী লোক সকলে নাপায় সেয়া জেকবপুৰত থকা অৰ্ধ নিৰ্মিত চিকিৎসালয় খনে প্ৰমাণিত কৰিছে বুলি ছাত্ৰ সংগঠনৰ কেন্দ্ৰিয় নেতৃত্বত ৰিমান চৰেন চানুই অভিযোগ কৰে।

তেওঁ আকৌ কয় যে,আদিবাসী অঞ্চলত চিকিৎসা ব্যৱস্থা নথকা বাবে গাঁৱৰ সহজ সৰল আৰু আৰ্থিক ভাৱে জৰুলা হোৱাত বেমাৰ আজাৰ হলে বেজ- কবিৰাজৰ ওচৰত চিকিৎসা কৰিবলৈ বাধ্য হয়।

গাঁৱৰ কবিৰাজ একমাত্ৰ ভৰসা হোৱাত উপযুক্ত চিকিৎসা নাপাই মৃত্যু বৰণ কৰে। তেনে ভূল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱাত ডাইনী বুলি সন্দেহ কৰা হয় । যাৰ ফলত আজিও আদিবাসী সমাজত ডাইনী হত্যা চলি আছে।

যিমান দিন লৈকে আদিবাসী অঞ্চলৰ চিকিৎসা সেৱা উন্নত নহব সিমান দিন লৈ ডাইনী প্ৰথা চলি থাকিব। সেইবাবে বৰ্তমান অসম চৰকাৰ জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।গাঁৱে ভুঙে চিকিৎসাৰ ব্যৱস্থা কৰিছে।

ঠিক একেদৰে গোসাঁইগাঁৱৰ অধীনস্ত জেকবপুৰ আৰু ঠাকুৰ পুৰত অৰ্ধ নিৰ্মিত হৈ থকা চিকিৎসালয় দুখন শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰি চিকিৎসক – কৰ্মী নিয়োগ কৰিবলৈ দাবী জনায়।

Exit mobile version