সামান্য শৰীৰ অসুস্থ হ’লেই গাঁওবাসীয়ে চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে ক’লা যাদু (ব্লেক মেজিক)ৰ শৰণাপন্ন হৈছিল । আশাকৰ্মী মাতিলদা কুল্লু আগবাঢ়ি নহা হ’লে, সম্ভৱত আজিও সম্পূৰ্ণভাৱে ক’লা যাদুৰ কবলতে নিমজ্জিত থাকিলেহেঁতেন ওড়িছাৰ সুন্দৰগড় জিলাৰ বৰগাঁৱৰ গৰ্গাদবহল গ্ৰামবাসী । এইগৰাকী আশাকৰ্মীকে স্বীকৃতি দিলে বিশ্বখ্যাত ‘ফ’ৰ্বছ’ আলোচনীয়ে ।
ভাৰতৰ ২১ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিলে মাতিলদাই । ১৫ বছৰ পূৰ্বে যেতিয়া মাতিলদাই কুল্লু গাঁৱলৈ প্ৰথম গৈছিল, সেই সময়ত তেওঁ গাঁওবাসীৰ বহু উপহাসৰ সন্মুখীন হৈছিল । কিন্তু এনে উপহাসে মাতিলদাৰ ধৈৰ্য আৰু উদ্যমক দমাব পৰা নাছিল । বৰঞ্চ এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি আশাকৰ্মী হিচাপে নিজৰ কৰ্তব্য পালনত অটল আছিল এইগৰাকী মহিলা ।
মাতিলদাই কয়, ‘অসুস্থ হ’লে গাঁওখনৰ বাসিন্দাই চিকিৎসালয়লৈ যোৱাৰ কথা কেতিয়াও ভবা নাছিল । মই যেতিয়া তেওঁলোকক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিছিলো, তেতিয়া তেওঁলোকে মোক উপহাস কৰিছিল । বৰ্ণবাদৰ বলিও মই হ’ব লগা হৈছিল । দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা পাছত মই গাঁওখনৰ বাসিন্দাসকলক এই কথাত সৈমান কৰাব পাৰিলো যে অসুস্থ হ’লে ওজাৰ পৰিৱৰ্তে চিকিৎসকৰ কাষলৈ যাব লাগে ।’
পুৱা পাঁচ বজাত শয্যা ত্যাগ কৰি মাতিলদাই ঘৰুৱা কাম-কাজ সম্পন্ন কৰাৰ পাছত চাইকেল চলাই আশাকৰ্মী হিচাপে সেৱা আগবঢ়াবলৈ ওলাই যায় । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত মাতিলদাৰ দায়িত্ব যথেষ্ট বৃদ্ধি পাইছিল । সেই সময়ত তেওঁ দৈনিক ৫০-৬০ জন ৰোগীৰ ঘৰলৈ গৈ সেৱা আগবঢ়াইছিল ।
‘মই প্ৰতিদিনে ঘৰৰ পৰা ওলাই কৰ’নাৰ উপসৰ্গ থকা লোকৰ সন্ধান কৰিছিলো । ইয়াৰ পাছত এই তথ্য স্থানীয় স্বাস্থ্য কেন্দ্ৰত জনাইছিলো । যোৱা বছৰত কৰ’না ৰোগীৰ সন্দৰ্ভত বিভিন্ন ভুল ধাৰণা থকাত ক’ভিড পৰীক্ষা কৰিবলৈ বহুতে ভয় কৰিছিল । কিন্তু এতিয়া গাঁওবাসীয়ে ওজাৰ পৰিৱৰ্তে চিকিৎসালয়লৈ যায় ।’ মাতিলদাই এইদৰে কয় ।
এইগৰাকী মাতিলদাকে ‘ফ’ৰ্বছ’ আলোচনীয়ে ভাৰতৰ সবাতোকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান দিলে ।






























