অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ পৰা দর্শন, ৰাজনীতি আৰু অর্থনীতি বিষয়ত স্নাতক ডিগ্রী যােৱা বছৰৰ জুনত লাভ কৰা মালালা ইউছুফজায়ে যােৱা শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই ডিগ্রী গ্ৰহণ কৰিলে।
অক্সফ’র্ড বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হােৱা সমাৱর্তন অনুষ্ঠানত মূৰত ‘গ্রেজুৱেচন কেপ’ পৰিধান কৰিলে বিশ্বৰ কনিষ্ঠতম নবেলজয়ী মালালাই।
উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ ফলত বিশ্ববিদ্যালয়ে সমাৱর্তন অনুষ্ঠান ইমানদিনে স্থগিত ৰাখিছিল। মালালাই নিজৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলত সমাবর্তন অনুষ্ঠানত অংশ লােৱাৰ কেবাখনাে ফটো আপলােড কৰিছে।
স্মর্তব্য যে কিশােৰ অৱস্থাত শিক্ষাগ্রহণ কৰাৰ কাৰণত তালিবানে মালালাক গুলিৰে আক্রমণ চলাইছিল৷ ইয়াৰ পাছততা থমকি নৰৈ নাৰী শিক্ষাৰ হকে মাত মাতি অহা মালালাই অৱশেষত অক্সফ’ৰ্ডৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰিলে।






























