প্রায় তিনি মাহ হ’ল তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰা । সময়ৰ লগে লগে দেশৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি জটিল হ’বলৈ লৈছে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় অর্থনীতি । জনসাধাৰণৰ হাতত অর্থ নাই, কাম নাই, বেংকসমূহ প্রায় দেউলিয়া । আন্তর্জাতিক বজাৰত আফগানি মুদ্রাৰ মূল্য হ্ৰাস পাইছে । বিদেশৰ পৰা সাহায্য অহাও প্রায় বন্ধ । আসন্ন শীতত অধিকাংশ দেশবাসীয়ে অনাহাৰে কটাব লাগিব বুলি শংকা প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘই । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বৰ অন্য দেশসমূহক সহায় কৰাৰ বার্তা দিলে বর্তমান তালিবান চৰকাৰৰ প্রধানমন্ত্রী মোল্লা মহম্মদ হাছান আখুন্দই ।
প্রধানমন্ত্রী হোৱাৰ পাছত শনিবাৰে প্রথম দেশবাসীক উদ্দেশ্যি ভাষণ দিছে আখুন্দই । দেশৰ চৰকাৰী টেলিভিছন চেনেলত সম্প্রচাৰিত হৈছে সেই অডিঅ’ বার্তা । আখুন্দই কয়, ‘‘আমি আশ্বাস দিছো, অন্য কোনো দেশৰ অভ্যন্তৰীণ বিষয়ত তালিবান চৰকাৰে হস্তক্ষেপ নকৰে ।’’ তেওঁ বিভিন্ন আন্তর্জাতিক সংগঠনসমূহক যুদ্ধগ্ৰস্ত আফগানিস্তানক সহায় আৰু অর্থনৈতিক অনুদান পুনৰ আৰম্ভ কৰাৰ আবেদন জনাইছে ।
আখুন্দই কয়, ‘‘সম্প্ৰতি আমি নিজস্ব নানা সংকটত জর্জৰিত । দেশৰ মানুহক দুর্দশা আৰু দাৰিদ্রমুক্ত কৰাৰ চেষ্টা কৰিছো ।’’
আন্তর্জাতিক প্রস্তাৱ মানি সর্বগ্রহণযোগ্য কোনো চৰকাৰ গঢ়ি তুলিব পৰা নাই তালিবানে । বর্তমান চৰকাৰত বিভিন্ন সম্প্রদায় বা মহিলাৰ কোনো প্রতিনিধিত্ব নাই । ফলত এই তালিবান চৰকাৰক এতিয়াও স্বীকৃতি দিয়া নাই আমেৰিকা, ভাৰতসহ ইউৰোপ, এছিয়াৰ বহু দেশে । বিভিন্ন আন্তর্জাতিক সংগঠনসমূহৰ অনেকেই আফগানিস্তানত অনুদান পঠোৱা বন্ধ কৰিছে । প্রসংগত, আগতে দেশৰ প্রায় ৭৫ শতাংশ খৰচ বিদেশী সাহায্যসমূহৰ পৰা আহিছিল । ইয়াৰ উপৰি আমেৰিকাত জমা ৰখা আফগানিস্তানৰ প্রায় এহেজাৰ কোটি ডলাৰ সম্পত্তি ‘ফ্রিজ’ কৰি ৰাখিছে জ’ বাইডেন চৰকাৰে ।
লগতে বিশ্ব বেংক আৰু আন্তর্জাতিক অর্থ ভাণ্ডাৰৰ দৰে সংগঠনসমূহেও আর্থিক অনুদান বন্ধ ৰখাত পৰিস্থিতি অধিক বেয়া হৈছে । কিছু সপ্তাহ পাছতেই দোহাত আমেৰিকাৰ স’তে তালিবান প্রতিনিধিসকলৰ বৈঠকত মিলিত হোৱাৰ কথা । ইয়াৰ পূৰ্বে আখুন্দৰ এই বার্তা বিশেষ গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলৰ একাংশই । তেওঁলোকৰ মতে, চাপত বিশেষকৈ অর্থনৈতিক সংকটৰ বাবে বিশ্ব দৰবাৰচ সুৰ নৰম কৰিছে তালিবানে ।
দীর্ঘ দুদশক পাছত যোৱা ১৫ আগষ্টত আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ কৰিছে আমেৰিকাই । তাৰ আগতে ১৯৯৬-২০০১ পর্যন্ত আফগান চৰকাৰৰ বৈদেশিকমন্ত্রী আৰু উপ প্রধানমন্ত্রী আছিল আখুন্দ । কিন্তু তেওঁৰ ‘সন্ত্ৰাসবাদী মনোভাবাপন্ন’ কীর্তিকলাপৰ বাবে আখুন্দক নিষিদ্ধ তালিকাভুক্ত কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । নতুন তালিবানৰ শাসনকালত সেই আখুন্দই পুনৰ দেশৰ প্রধানমন্ত্রী হৈছে । এতিয়া সুৰ নৰম কৰিলেও আফগানিস্তানৰ এই দুর্দশাৰ বাবে আমেৰিকাৰ মদতপুষ্ট প্রাক্তন আশ্ৰফ গনি চৰকাৰকেই দোষাৰোপ কৰে আখুন্দই ।