টোপনিৰ সময়ত মুখখন শুকাই নেকি ?

171003 better stock man sleeping alone ew 602p

নিশা টোপনি যােৱাৰ সময়ত মুখ-ডিঙি শুকাই যােৱাৰ সমস্যাই গা কৰি উঠিলে শীঘ্ৰে । চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত। কাৰণ দীর্ঘদিন ধৰি এনে ধৰণৰ লক্ষণ ফুটি উঠাতাে ভাল দিশ বুলি ক’ব নােৱাৰি।

বহুটো লােকৰ এনে সমস্যাৰ সৃষ্টি হয় যদিও বিশেষ গুৰুত্ব প্ৰদান কৰিব নােখােজে। সাধাৰণতে মুখত হােৱা জেৰােষ্ট’মিয়া নামৰ ৰােগ বিধৰ বাবে মুখৰ ভিতৰত লেলাউটি হাস পায়। অৱশ্যে কেৱল এইবিধ ৰােগৰ বাবে মুখখন শুকাই যােৱা বুলি ভবাটো ভুল হ’ব। কাৰণ আন কাৰণতাে হ’ব পাৰে।

★ কেতিয়াবা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিছুমান লােকে হতাশা আৰু পেশীৰ শিথিলতাৰ বাবে দীর্ঘদিন ধৰি ঔষধ সেৱন কৰে। এনে ঔষধ সেৱনৰ ফলতাে মুখখন শােৱাৰ সময়ত শুকাই যােৱাৰ আশংকা থাকে।

★ কিছুমান লােকে টোপনিৰ সময়ত মুখখন মেলি উশাহ লয়। মুখেৰে শ্বাস লােৱাৰ কাৰণ। হ’ল ‘হাইপােচেলিভেচন।’ নাকেৰে শ্বাস লােৱাৰ পৰিৱর্তে মুখেৰে উশাহ লােৱাৰ ফলত এনেধৰণৰ সমস্যাই গা কৰি উঠে।

★ নিয়মীয়াকৈ ধূমপান আৰু মাদক দ্রব্য সেৱনৰ ফলত এনেধৰণৰ সমস্যাই গা কৰি উঠে। জাৰ্ণেল অৱ ডেণ্টেল ৰিচাৰ্ছৰ মতে, যিসকল লােকে ধূমপান আৰু মাদকদ্রব্য সেৱন কৰে তেওঁলােকৰ ভিতৰত ৬৯ শতাংশ লােকেই এনেধৰণৰ সমস্যাই গা কৰি উঠে।

★ডায়েবেটিছত আক্রান্ত লােকসকলৰাে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে প্ৰায়ভাগ লােকে এনেধৰণৰ সমস্যাত আক্রান্ত হয় যদিও বিশেষ গুৰুত্ব প্রদান নকৰে। সেই বাবে এনে হােৱা দেখা যায়।

Exit mobile version