মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ চাফাই অভিযান

অংশগ্ৰহণ কৰে আৰক্ষী,বনবিষয়া,দল-সংগঠনৰ নেতাকৰ্মী

223aaa78 af3a 492d a113 ae83fa797d87

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশ দ্বাৰত আজি বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে চেভ মানাহ চেভ নেচাৰ শ্ল’গান লৈ এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে৷

প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰখাৰ উদ্দেশ্যে এই ধৰণৰ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে এবছু নেতৃত্বই৷

চাফাই অভিযানত এবছু নেতা কৰ্মীৰ স’তে অংশগ্ৰহণ কৰে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য, উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম,বাগসা জিলা এবছুৰ সম্পাদক উমেশ দৈমাৰী, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি৷

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু বনবিষয়া বাবুল ব্ৰহ্ম উপস্থিত থাকি মানাহত অহা প্ৰতিজন ব্যক্তিকে ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়৷ লগতে প্লাষ্টিক মুক্ত মানাহ গঢ়াৰ স্বাৰ্থত ভিন্ন দল-সংগঠন,স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে৷

Exit mobile version