স্বাধীনতাৰ ৭৫ বছৰে নিৰ্মাণ নহ’ল দলং, এখন টুলুঙা নাৱেই একমাত্ৰ ভৰসা

WhatsApp Image 2021 11 30 at 11.30.12 AM

গোসাঁইগাঁও বিধানসভা সমষ্টিৰ এক নম্বৰ আৰু দুই নম্বৰ মাজেৰ ডাৱৰী গাঁৱৰ যোগাযোগৰ একমাত্ৰ উপায় এখন টুলুঙা নাও । গাঁও দুখনৰ মাজত থকা দামৰা নদীৰ ওপৰত দলং নথকা ফলত স্বাধীনতাৰ পূৰ্বৰ পৰাই নাৱৰে যাতায়ত চলি আহিছে ।

ADVERTISEMENT

খৰালি কালত লোক সকলে যাতায়ত কৰে নাৱেৰে ।বাৰিষাত যাবলৈ একমাত্ৰ টুলুঙা নাও । টুলুঙা নাওখনে একমাত্ৰ ভৰসা গাঁৱৰ লোক সকলৰ । গাঁও দুখনৰ লোক সকলৰ বজাৰ-হাট, চৰকাৰী কাৰ্যালয়, বেমাৰ-আজাৰ, কৃষি কাৰ্য কৰিবলৈ হ’লে নাৱেৰে পাৰাপাৰ হ’ব লাগে । কেৱল সেয়াই নহয় বিদ্যালয়-মহাবিদ্যালয় যাবলৈ এই টুলুঙা নাৱেৰেই নদী পাৰ হৈ যাব লাগে । ইয়াৰ কোনো বিকল্প নাই ।

আদিম যুগৰ পৰাই গাঁও দুখনৰ ৰাইজে চলাচল কৰি আহিছে যদিও অসম চৰকাৰ হওক বা বিটিচি চৰকাৰ হওক কাৰো দৃষ্টি আকৰ্ষণ নকৰিলে । অতি তাৎপৰ্যপূৰ্ণ যে, টুলুঙা নাৱেৰে দৈনন্দিন পাৰাপাৰ হোৱা গাঁৱৰ ৰাইজে টকা নিদি ছমাহৰ মূৰে মূৰে নিৰ্দিষ্ট হাৰত ধান দি আহিছে । পকী দলং নিৰ্মাণৰ বাবে চৰকাৰলৈ ৰাইজৰ কাতৰ আহ্বান ।

Exit mobile version