ফকিৰাগ্ৰামত স্বামীৰ নির্যাতনত পত্নীৰ মৃত্যু

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত গুৱাবাৰীত স্বামীৰ অৱৰ্ণীয় অত্যাচাৰত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

ঘটনাটো সংগঠিত হৈছিল যোৱা ২০ নৱেম্বৰত ৷ স্বামী আবু বক্কৰ ছিদ্দিকে তেখেতৰ পত্নী মঞ্জুবালা বেগমক হাত ভৰি বান্ধি আৰু মুখত সোপা দি প্ৰহাৰ কৰাত বিগত এটা সপ্তাহে গুৰুতৰ অৱস্থাত চিকিৎসাধীনহৈ আছিল শিলিগুৰীত ৷

কিন্তু কালি নিশা শিলিগুৰিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয় মঞ্জুবালা বেগমে ৷ ইপিনে আজি মঞ্জুবালা বেগমৰ নিথৰ দেহ ফকিৰাগ্ৰাম আহি পোৱাত নিহতৰ পৰিয়াল আৰু দল সংগঠনৰ মাজত উক্ত ঘটনাকলৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

বৰ্তমান মঞ্জুবালা বেগমৰ স্বামী আবু বক্কৰ ছিদ্দিক পলাতক যদিও দল সংগঠনে এয়া এক হত্যাকাণ্ড বুলি দোষীক কঠোৰ আইনী শাস্তি বিহাৰ দাবী উত্থাপন কৰে৷

তথ্য অনুসৰি ঘটনাস্থলীত ফকিৰাগ্ৰাম আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version