দেশৰ মাত্ৰ ৩০ শতাংশ নাগৰিকেহে গ্ৰহণ কৰিলে দুপালি প্ৰতিষেধক

prmo vaccinationcovid19

দক্ষিণ আফ্রিকাত ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনৰ সংক্রমণ ধৰা পৰাৰ পাছত বিশ্বৰ প্ৰায়বােৰ দেশতে ক’ভিডকেন্দ্রিক উদ্বেগ বৃদ্ধি পাইছে।

এতিয়ালৈকে গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি অ’মিক্রন হৈছে ক’ভিডৰ সর্বাধিক দ্রুতগতিত সংক্রমিত হােৱা প্রজাতি।

এই প্রজাতিৰ সংক্ৰমণক লৈ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই প্রতিখন দেশকে সতর্ক কৰি দিছে। ক’ভিডৰ নতুন প্রজাতিৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত সকলাে দেশকে টিকাকৰণক গুৰুত্ব দিবলৈ পৰামর্শ দিছে হুই।

কিন্তু বিশ্বৰ বহু দেশতে টিকাকৰণ অভিযান যথেষ্ট মন্থৰ হােৱাৰ অভিযােগ উত্থাপিত হৈছে। পৰিসংখ্যা অনুসৰি ভাৰতত বৰ্তমানলৈকে ১.২২ বিলিয়ন লােকে ক’ভিডৰ কমেও এপালি প্রতিষেধক লাভ কৰিছে।

আনহাতে, দেশৰ ৪৩ কোটি নাগৰিকে দুপালি প্ৰতিষেধক গ্ৰহণ কৰিছে। পালি হিচাপত এই পৰিসংখ্যা অধিক যেন লাগিলেও মুঠ জনসংখ্যাৰ হিচাপত টিকাকৰণৰ হাৰ যথেষ্ট সীমিত হৈ আছে।

ভাৰতৰ মুঠ জনসংখ্যাৰ ৫৬ শতাংশই বর্তমানলৈকে এপালি প্রতিষেধক লাভ কৰিছে। আনহাতে, জনসংখ্যা মাত্র ৩০ শতাংশইহে ক’ভিডৰ টিকাকৰণ সম্পূর্ণ কৰিছে।

দেশৰ ভিতৰতে সর্বাধিক ১৫ কোটি প্রতিষেধক প্রদান কৰা হ’ল উত্তৰ প্ৰদেশত। ইয়াৰ পাছতে টিকাকৰণত আগবাঢ়ি আছে মহাৰাষ্ট্র,পশ্চিমবংগ আৰু মধ্য প্রদেশে।

Exit mobile version