প্ৰতিষেধক সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে মডার্নাই,প্রয়োজনত দুমাহত তৈয়াৰ কৰিব পৃথক টিকা

download 1

ক’ভিডৰ অন্যতম প্রতিষেধক প্রস্তুতকাৰক মডার্নাই মঙলবাৰে কয় যে প্রয়ােজন হলে কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনৰ সংক্রমণ প্রতিৰােধৰ বাবে আগন্তুক দুইৰ পৰা তিনিমাহৰ ভিতৰত নতুন প্রতিষেধক তৈয়াৰ কৰা হ’ব।

উল্লেখ্য যে দক্ষিণ আফ্রিকাত শেহতীয়াভাৱে কৰ’নাৰ নতুন প্রজাতিৰ সংক্রমণ ধৰা পৰাৰ পাছৰে পৰা বিশ্বজুৰি প্ৰতিষেধক কার্যকাৰিতাক লৈ সন্দেহ অব্যাহত আছে।

প্রতিষেধক প্রস্তুতকাৰক প্রতিষ্ঠানে নিশ্চিতভাৱে ক’ব পৰা নাই যে বর্তমানে উপলব্ধ টিকাৰ জৰিয়তে ক’ভিডৰ নতুন প্রজাতিৰ সংক্রমণক বাধা দিব পৰা যাব।

মডার্নাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ পল বর্টনে কালি এই সন্দৰ্ভত মন্তব্য কৰি কয়, “আমি পৰিস্থিতিৰ প্রতি দৃষ্টি ৰাখিছাে। এতিয়া মাথোঁ এই কথাই ক’ব পাৰাে যে যদিহে অ’মিক্রনৰ বাবে পৃথককৈ প্রতিষেধকৰ প্রয়ােজন হয়, তেন্তে আগন্তুক কেইটিমান সপ্তাহৰ ভিতৰত তৈয়াৰ কৰা হ’ব।

কেইসপ্তাহমানৰ ভিতৰতে সম্পূর্ণ ছবিখন স্পষ্ট হ’ব। গৱেষকে এইবােৰ প্রজাতি আৰু প্ৰতিষেধক কার্যকাৰিতাৰ সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে। আমি সেইসমূহ লােকৰাে নমুনা পৰীক্ষণ কৰিছাে যিসকলে টিকাকৰণৰ পাছতাে এই প্রজাতিৰ দ্বাৰা সংক্রমিত হৈছে।’

Exit mobile version