বিশ্বৰ সবাতোকৈ ধনাঢ্য এলন মাস্কে প্ৰশংসা কৰিলে ভাৰতীয়ৰ প্ৰতিভাক

6183d20c23745d001824fa70

মাইক্র’ ব্ল’গিং ছাইট টুইটাৰে ভাৰতীয় মূলৰ পৰাগ আগৰৱালক প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) নিযুক্ত কৰাৰ পাছত ভাৰতীয় প্রতিভাক বিশেষভাৱে প্রশংসা কৰিলে বিশ্বৰ ,সবাতােকৈ ধনী ব্যক্তি এলন মাস্কে।

ছিলিকন ভেলীত বিগত ১১ বছৰ ধৰি কৰ্মৰত হােৱা পৰাগৰ এই সফলতাক প্রতিক্রিয়া প্রকাশ কৰি বিশ্বৰ সবাতােকৈ বৃহৎ বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ মুৰব্বী এলন মাস্কে কয় যে ভাৰতীয় প্ৰতিভাৰ জৰিয়তে আমেৰিকা যথেষ্ট লাভৱান হৈছে।

মাস্কে স্ট্রাইপ কোম্পানীৰ চি ই অ’ পেট্রিক কলিচনৰ এক টুইটত ভাৰতীয় প্রতিভাক প্রশংসা কৰে। কলিচনে নিজৰ টুইটত এইদৰে লিখিছিল, ‘গুগল, মাইক্র’ছফ্ট, এড’বী, আই বি এম, পাল’ অল্ট’ নেটৱৰ্কছ আৰু এইবাৰ টুইটাৰৰ চি ই অ’ৰ দায়িত্ব ভাৰতত ডাঙৰ-দীঘল হােৱা লােকৰ ওপৰত।

প্রযুক্তি বিশ্বত ভাৰতীয়সকলৰ আশ্চর্যজনক সফলতা দেখি আনন্দিত হৈছে। ইয়াৰ জৰিয়তে প্রমাণ হয় যে আমেৰিকাত বাহিৰৰ পৰা অহা লােকসকলৰ বাবে কিমান সুযােগ আছে। অভিনন্দন পৰাগ। ‘এই টুইটৰে ৰিটুইট কৰি মাস্কে কয়, ভাৰতীয় প্রতিভাৰ জৰিয়তে আমেৰিকা যথেষ্ট লাভান্বিত হৈছে।

Exit mobile version