সমগ্ৰ শিক্ষাৰ উদ্যোগত শাৰীৰিক ভাবে  সক্ষম  সকলোৰ মাজত বন্ধুত্ব মূলক ক্ৰিকেট খেল অনুষ্ঠিত

বিকলাংগ সপ্তাহ উপলক্ষে বিশেষ পদক্ষেপ ফকিৰাগ্ৰামত

b06f35f6 9541 4e69 914f d792a2e98d5e

কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰাম পুৰনি বজাৰ খেল পথাৰত আজি কোকৰাঝাৰ  সমগ্ৰ শিক্ষাৰ উদ্যোগত বিকলাংগ সপ্তাহ উপলক্ষে শাৰীৰিক ভাবে সক্ষম লোকসকলৰ মাজত প্ৰেৰণা যোগাবলৈ এক বন্ধুত্ব মূলক ক্ৰিকেট খেল অনুষ্ঠিত কৰে ।

জিলাখনৰ অধিন কোকৰাঝাৰ আৰু গোসাইগাও মহকুমাৰ শাৰীৰিক ভাবে সক্ষম লোক সকলে অংশ গ্ৰহন কৰি ২০-২০ ক্ৰিকেট প্ৰতিযোগীতাখন সফল ৰূপ দিয়ে ।

খেল খনৰ উদ্বোধনী অনুষ্ঠানত জিলা আচনি বিষয়া জাহাংগীৰ হুচেইন ,শক্তি আশ্ৰম উচ্চতৰ আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষ মনিদ্ৰ দাস , ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা , ডঃমানিক বৰুৱা , মনিন্দ্ৰ দাস , আমছুৰ আব্দুল লতিফ , আমিনুৰ ইছলাম , ফকিৰাগ্ৰাম টাউন কমিটিৰ চেয়াৰমেন সুৰেন্দ্ৰ শৰ্মা , আদি উপস্থিত থাকে ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকি চেয়াৰমেন সুৰেন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত কয় ,”শাৰীৰিক ভাবে সক্ষম দেখিবলৈ মানষিক ভাবে বহুত শক্তিশালী এওঁলোক যাৰ বাবে আজি এওঁলোকে খেল ধেমালিতো মনোযোগ দিছে । “

Exit mobile version