১৭ ডিচেম্বৰত মুক্তি পাব বহুল চৰ্চিত ‘দিঠকত হেৰাল সপোন’

মুক্তিৰ প্ৰাক্‌ক্ষণত কাঠমাণ্ডু বিশ্ব চলচিত্ৰ মহোৎসৱত উজ্বলি উঠিল অসমীয়া কথাছবি

অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ এটি ভাল খবৰ । কাঠমাণ্ডু বিশ্ব চলচ্চিত্ৰ মহোৎসৱত উজ্বলি উঠিল মাকনপ্ৰিয়া প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত অসমীয়া চলচ্চিত্ৰ “দিঠকত হেৰাল সপোন” । চলচ্চিত্ৰখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই জনোৱা মতে, চলচিত্ৰখনে বিশ্বৰ পাঁচ শতাধিক চলচ্চিত্ৰ‌ই যোগদান কৰা মহোৎসৱখনত ‘দিঠকত হেৰাল সপোন’এ শেষৰ চাৰিটা স্থানত উপনিত হৈছে ।

এই সুখবৰ এক ই-মেইলযোগে মহোৎসৱ সমিতিয়ে জনাইছে বুলি উল্লেখ কৰি সাংবাদিকক জানিবলৈ দিয়ে পৰিচালক পংকজে ।

মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো সন্মান আৰু বঁটা পাবলৈ সক্ষম হৈছে মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন” । অহা ১৭ ডিচেম্বৰত অসমৰ প্ৰায় ১০ টা চলচিত্ৰ গৃহত মুক্তি লাভ কৰিব । “কলাকৰি ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২১”ত মুখ্য শাখাত নমিনেচন লাভ কৰিছে কথাছবিখনে । ইতিমধ্যে কথাছবিখনে টেগুৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে । লগতে লাভ কৰিছে আন কে’বাটাও পুৰস্কাৰ ।

উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলত কথাছবিখনে অসমৰ ১০ টা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰদৰ্শন সাময়িকভাৱে স্থগিত ৰখা হৈছে । সম্প্ৰতি ক’ভিডৰ সংক্ৰমণ বহু পৰিমাণে কমি যোৱা বাবে চৰকাৰে চলচ্চিত্ৰগৃহবোৰ খুলিবলৈ দিয়াত ইতিমধ্যে কে’বাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছে ।

দিঠকত হেৰাল সপোনৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা পংকজ পল্লৱ শৰ্মাৰ । প্ৰযোজনা কৰিছে অজিত বৰ্মনে । পৰিচালক পংকজ পল্লৱ শৰ্মাই লাভ কৰিছে পৰিচালনাৰ ইণ্ডিয়ান গ্ল’ৰী অৱৰ্ড ।

ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পংকজ পল্লৱ শৰ্মা, নিলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মা, প্ৰাণজিৎ শৰ্মা, দিপু কাকতি ,ৰুদ্ৰ শৰ্মা, জ্যোতিৰ্ময় কলিতা, ৰাজীৱ কাকতি, ৰীন্টু কলিতা, ৰিতুমনি, মোহন কলিতা, গোপাল, ৰাকেশ, প্ৰদীপ বৰা, বিদ্যাকান্ত , তীৰ্থৰঞ্জন,পৰেশ চন্দ্ৰ বৰদলৈ, মিৰাজুল ইছলাম, ফাৰুক হুছেইন, মজিবৰ ৰহমান, প্ৰনব কুমাৰ দত্ত, প্ৰনবজ্যোতি কলিতা, ইনামূল ইছলাম, দিপেন শৰ্মা, মদন বৰ্মন, নৃপাল বৰ্মন, ধৰনী বৰ্মন, কুলেন ডেকা, দিলজিত বৰ্মন, গঙ্গা ধৰ বৰ্মন, ডাঃ প্ৰনব কুমাৰ শৰ্মা, নিৰ্মল দাস, হৰিশ তালুকদাৰ, ৰামচৰণ ভড়ালী, কন্দৰ্পেশ্বৰ শৰ্মা, যাদব কলিতা, উজ্বল ডেকা, সঞ্জীৱ ভাগবতী, ৰাজেশ মৌৰ, বিপুল তালুকদাৰ, কৌশিক, ভবেশ ডেকা,মনি বৰা, কবিতা শইকীয়া, দিপালী তামুলী, ৰিমঝীম বৰা, ৰিমঝীম শইকীয়া, ইভলীনা, ময়ুৰী, জোনালী চক্ৰবৰ্তী, ভনিতা শৰ্মা, বৰষা, বৰ্ণালী, গীতাঞ্জলী, মিনু ভড়ালী, যমুনা ডেকা, দীপা ভট্ট, পঞ্চী বৰা, পল্লবী চহৰীয়া, লভিতা, আইজনী ডেকা জয়শ্ৰী, লিচা, স্বপ্না ডেকা, স্বপ্না নাথ, পৰিস্মীতা, অনিন্দিতা, অশ্বনজয়া, ছন্দানিকা বৰ্মন, বৰ্ণালী ফুকন, ভায়োলিনা কাশ্যপ, বনশ্ৰী, ধনশ্ৰী, বৃতিষা, আৰিয়ন প্ৰীয়ম, হিমানজ্যোতি,ভৃতু বি কাশ্যপ, অৰ্পিত, প্ৰাচুৰ্য, জ্যোতিৰাদিত্য আৰু মুখ্য চৰিত্ৰত জৰ্জীয়া মেধীয়ে ।

ছবিখনৰ সংগীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনৰ । কন্ঠশিল্পী অনিমা চৌধুৰী সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন। আৱহ সংগীত অবনী ৰঞ্জন পাঠকৰ । চিত্ৰগ্ৰহণ কৰিছে লক্ষী নাথ আৰু সদা হালৈয়ে । সহযোগ পংকজ প্ৰকাশৰ । মেক আপ অঞ্জু কলিতাৰ । ছবিখনক লৈ দৰ্শক খুবেই আগ্ৰহী ।

Exit mobile version