Omicron :পৰীক্ষণ বৃদ্ধি কৰাৰ নির্দেশ কেন্দ্রৰ

121094037 1 976 gettyimages 1287184953

বাৰে বাৰে চৰিত্র বদলি কৰি কৰ’না ভাইৰাছৰ অ’মিক্রন ভেৰিয়েন্ট বিপজ্জনক হৈ উঠিলেও আৰটি-পিচিআৰ আৰু ৰেপিড এন্টিজেন পৰীক্ষাত তাক চিহ্নিত কৰা সম্ভৱ । সেয়ে সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলক কৰ’না পৰীক্ষণ বঢ়াবলৈ নিৰ্দেশ দিছে কেন্দ্র‌ই । আকাশ, জল আৰু স্থলপথৰে অন্য দেশৰ পৰা ভাৰতলৈ অহা সকলৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আজি ৰাজ্যসমূহক পুনৰ স্মৰণ কৰি দিয়া হয় ।

ভাৰতত এই পৰ্যন্ত কোনো ৰোগীৰ শৰীৰত অ’মিক্রন ভেৰিয়েন্টৰ সন্ধান পোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবিয়‌ই আজি ৰাজ্যসভাত জনাইছে । অহা বৃহস্পতিবাৰে লোকসভাত ক’ভিড সম্পৰ্কত আলোচনা হ’ব ।

অ’মিক্রন-আতংকৰ সময়তে জনস্বাস্থ্যৰ পৰিস্থিতি পর্যালোচনা কৰিবলৈ আজি ৰাজ্যসমূহৰ স’তে ভার্চুৱেল বৈঠক কৰে কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে । আন্তর্জাতিক উৰনৰ যাত্রীসকলৰ ক্ষেত্রত কেন্দ্রৰ নির্দেশনা অনুযায়ী ৰাজ্যসমূহক পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে কেন্দ্রীয় বিষয়াসকলে জনায়, কৰ’নাৰ পজিটিভ ছেম্পলসমূহ জিনোম ছিকোৱেন্সৰ বাবে অবিলম্বে ‘ইনচাকগ’ৰ পৰীক্ষাগাৰত প্ৰেৰণ কৰিব লাগিব ।

সংক্রমিতসকলৰ সংস্পর্শত অহা সকলক চিহ্নিত কৰি ১৪ দিনৰ পৰ্যবেক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে । কোনো ঠাইত বাৰম্বাৰ (ক্লাষ্টাৰ) সংক্রমণ চিহ্নিত হ’লে সেই ঠাইত পৰ্যবেক্ষণ বৃদ্ধি কৰিব লাগিব । সেই বৈঠকতেই আইচিএমআৰ-ৰ ডিজি বলৰাম ভার্গবে জনায়, অ’মিক্রন ভেৰিয়েন্টে আৰটি-পিচিআৰ আৰু ৰেপিড এন্টিজেন পৰীক্ষণক ফাঁকি দিব নোৱাৰে । সেয়ে দেশজুৰি পৰীক্ষণ বৃদ্ধি কৰিব লাগিব । ভাৰতত যোৱা ২৪ ঘণ্টাত ৬৯৯০ জনৰ শৰীৰত সংক্রমণ ধৰা পৰিছে, যি বিগত ৫৫১ দিনৰ ভিতৰত সর্বনিম্ন ।

বৈঠকত নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ভি কে পলে কয়, চলিত বৰ্ষৰ ভিতৰতে দেশৰ সকলো প্রাপ্তবয়স্ক (৯৪ কোটি) নাগৰিকৰ প্রথম ড’জৰ টিকাকৰণ সম্পূর্ণ কৰাৰ লক্ষ্যৰে ‘হৰ ঘৰ দস্তক’ প্রচাৰ কার্যসূচীৰ ম্যাদ ৩১ ডিচেম্বৰ পর্যন্ত বৃদ্ধি কৰা হৈছে । যদিও এই ঘোষণাৰ নেপথ্যত কেন্দ্রৰ কিছু অস্বস্তিও আছে, কাৰণ ইয়াৰ আগতে নৱেম্বৰত প্রাপ্তবয়স্কসকলৰ টিকাকৰণ সম্পূৰ্ণ কৰা হ’ব বুলি মাণ্ডবিয়‌ই ঘোষণা কৰিছিল ।

আজি ৰাজ্যসভাত প্রশ্নোত্তৰ পৰ্যায়ত স্বাস্থ্যমন্ত্রীয়ে জনায়, অ’মিক্রন প্রতিৰোধৰ বাবে সতর্কতামূলক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাজ্যসমূহক আজি পত্ৰ দি নতুন ভেৰিয়েন্টৰ বিষয়ে সতর্ক কৰি কেন্দ্রীয় গৃহ সচিব অজয় ভল্লাই জনায়, ক’ভিড সংক্রান্ত বিধিনিষেধৰ ম্যাদ ৩১ ডিচেম্বৰ পর্যন্ত বৃদ্ধি কৰা হৈছে ।

অ’মিক্রনৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্ন ৰাজ্য‌ই প্রস্তুতি কৰিছে । অ’মিক্রন-আক্রান্ত দেশসমূহৰ পৰা বিমান অহা বন্ধ কৰাত কিয় পলম হৈছে, সেই প্রশ্ন কৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালে । বৃহন্মুম্বাই পৌৰসভাই জনাইছে, মুম্বাইত বিদ্যালয় খোলাৰ তাৰিখ দুসপ্তাহ পিছুৱাই এক ডিচেম্বৰৰ পৰিৱৰ্তে ১৫ ডিচেম্বৰ কৰা হৈছে ।

ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদাৰ পুনাৱালাই জনাইছে, প্রয়োজন হ’লে কেৱল অ’মিক্রন ভেৰিয়েন্ট প্রতিৰোধৰ বাবে নির্দিষ্ট ক’ভিশ্বিল্ড টিকা তৈয়াৰৰ কথাও ভাবিব পাৰি । আগন্তুক এক/দুই সপ্তাহৰ ভিতৰত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । সম্প্ৰতি অ’মিক্রনৰ বাবে পৃথক টিকাৰ প্ৰয়োজন নাই বুলি তেওঁলোকৰ মত ।

লেনচেট পত্রিকাত প্রকাশিত এটা গৱেষণাপত্র অনুসৰি, যিসকলে ক’ভিশ্বিল্ডৰ দুটা ড’জ লৈছিল, ভাৰতত বিগত এপ্রিল-মে’ৰ ক’ভিডৰ দ্বিতীয় ঢৌৰ তাণ্ডৱৰ সময়তে তেওঁলোকৰ ক্ষেত্রত ৬৩ শতাংশ কার্যকাৰিতা দেখুৱাইছে ছেৰামৰ এই টিকাই ।

পুনাৱালাই জনায়, চৰকাৰে বুষ্টাৰ ড’জ দিবলৈ ক’লেও তেওঁলোকে পর্যাপ্ত টিকা সৰবৰাহ কৰিব নোৱাৰিব । অৱশ্যে উদ্বেগ বৃদ্ধি কৰি মডার্নাৰ চিইঅ’ ষ্টেফান বছে জনায়, ডেল্টা ভেৰিয়েন্টক ৰোধ কৰিবলৈ তেওঁলোকৰ টিকা যিমান কার্যকৰী, অ’মিক্রনৰ বিৰুদ্ধে সিমান কার্যকৰী নহ’বও পাৰে ।

Exit mobile version