কামতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ দশম বাৰ্ষিক স্মৃতি দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি শক্তিআশ্ৰমত

WhatsApp Image 2021 12 02 at 2.47.17 PM

কোচৰাজবংশী সাহিত্যসভাৰ মুখ্য কাৰ্যালয় গিৰিজা ভূষন ভৱন প্ৰাংগনত অহা চাৰি ডিচেম্বৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে কোচৰাজবংশী সাহিত্যসভাই কামতাৰত্ন তথা বিশিষ্ট লেখক অম্বিকাচৰণ চৌধুৰীৰ দশম বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । ইতিমধ্যে পেণ্ডেল আদি নিৰ্মাণ কাৰ্য সম্পন্ন কৰা পৰিলক্ষিত হৈছে ।

কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে, অহা চাৰি ডিচেম্বৰৰ দিনা কামতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ দশম বাৰ্ষিক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি কমতাপুৰ অটোনমাচ কাউন্সিল চমুকৈ কেএচিৰ অধ্যক্ষৰ লগতে কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য সকলোকো সম্বৰ্দ্ধনা জনাবলৈ এক প্ৰয়াস কৰা হৈছে। উক্ত অনুষ্ঠানত কেএচিৰ অধ্যক্ষৰ লগতে কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য সকলোকো উপস্থিত থাকিবলৈ আহ্বান জনায় ।

উক্ত সাক্ষাৎকাৰতেই সাধাৰণ সম্পাদকজনে আৰু কয় যে কামতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ নামত কে’বাটাও বঁটা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে । কোচৰাজবংশী ভাষাৰ সুলেখক ৰঘুনাথ চৌধুৰীক কামতাৰত্ন অম্বিকাচৰণ চৌধুৰী সাহিত্যিক বঁটা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক কামতাৰত্ন অম্বিকাচৰণ চৌধুৰী সমন্বয় বঁটাৰ লগতে কোচৰাজবংশী জনগোষ্ঠীয় কিছুমান বিশেষ ব্যক্তিকো সম্বৰ্দ্ধনা জ্ঞাপন কৰিব । সেয়ে উক্ত অনুষ্ঠানত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰে কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক বৰ্মনে ।

Exit mobile version