কেবিচিত উজলিল অসম কন্যা ৰাজনন্দিনী

IMG 20211202 WA0010 1

বৰমাৰ কাষৰ ইতিহাস প্ৰসিদ্ধ দহকাউনীয়া গাওঁৰ নিবাসী হেমন্ত কুমাৰ কলিতা আৰু ৰীতা মনি কলিতাৰ দ্বিতীয় কন্যা ৰাজ নন্দিনী কলিতাই নিজ দক্ষতাৰ জৰিয়তে বৰমাৰ দহকাউনীয়া গাঁওৰ লগতে সমগ্ৰ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ এক আনন্দ কঢ়িয়াবলৈ সক্ষম হৈছে।

তথ্য অনুসৰি বলিউডৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চন পৰিচালিত” “কৌন বনেগা কড়োৰপতি (KBC)”শীৰ্ষক সৰ্বভাৰতীয় অনুষ্ঠানত ৫০ লাখ টকা জয় কৰি গাওঁখনৰ লগতে ৰাজ্যখনলৈও সন্মান কঢ়িয়াই আনিছে ৰাজনন্দিনীয়ে ।

কালি শেষ হোৱা অন্তিম শ্ব’টোৰ জৰিয়তে গুৱাহাটীৰ চাউথ পইন্ট স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰাজনন্দিনী কলিতাই খেল সমাপ্ত কৰি সমগ্র দেশবাসীক নিজৰ পাৰদৰ্শিতা দেখুৱাই দিয়ে ।

তেওঁৰ এনে সাফল্যত উৎসাহিত হৈ পৰিছে তেওঁৰ পিতৃৰ জন্মস্থান দহকাউনীয়া গাঁওকে ধৰি টিহু, বৰমা অঞ্চল তথা নলবাৰী জিলাবাসী। উল্লেখযোগ্য যে ৰাজনন্দিনীৰ পিতৃ হেমন্ত কুমাৰ কলিতা কৰ্মসূত্ৰে সম্প্ৰতি গুৱাহাটীৰ কাহিলীপাৰাৰ নিবাসী।

অসমৰ পৰা গৈ অমিতাভ বচ্চনৰ মেগা শ্ব’ট অংশগ্ৰহণ কৰি সফলতা আজুৰিবলৈ সক্ষম হোৱা ৰাজনন্দিনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে গাঁওবাসীৰ লগতে অসমবাসীয়ে ।

Exit mobile version