পেৰিছ-ছিংগাপুৰ নহয়, বিশ্বৰ সবাতোকৈ মহঙা চহৰ এতিয়া এইখনহে

1000x 1

লণ্ডনৰ ইক’নমিষ্ট ইন্টেলিজেন্স ইউনিটে বিশ্বৰ সবাতােকৈ মহঙা চহৰৰ তালিকা প্রকাশ কৰিলে। এইবাৰ বিশ্বৰ সবাতােকৈ ব্যয়বহুল চহৰৰ তালিকাৰ শীর্ষস্থান দখল কৰিব নােৱাৰিলে পেৰিছ আৰু ছিংগাপুৰে।

ADVERTISEMENT

এইবাৰৰ সমীক্ষাত বিশ্বৰ মহঙা চহৰ হিচাপে তালিকাত শীর্ষস্থান লাভ কৰিলে ইজৰাইলৰ চহৰ তেল আভিভে। এই চহৰখনত শেহতীয়াভাৱে মূল্যবৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত জীৱন ধাৰণ বিশ্বৰ ভিতৰতে সবাতােকৈ ব্যয়বহুল হৈছে।

তেল আভিভত সম্প্রতি পৰিবহণ ব্যয় বৃদ্ধি পােৱাৰ লগতে নিত্য ব্যৱহার্য সা-সামগ্ৰীৰ মূল্যও যথেষ্ট উর্ধ্বমুখী হৈছে।ফলত তেল আভিভত বসবাস কৰাটো সাম্প্রতিক বিশ্বত যথেষ্ট ব্যয়বহুল হৈছে।

বিশ্বৰ সবাতােকৈ ব্যয়বহুল চহৰৰ এইবাৰৰ তালিকাত যৌথভাৱে দ্বিতীয় স্থান লাভ কৰিলে পেৰিছ আৰু ছিংগাপুৰে। ইয়াৰ পাছত তালিকাখনত মহঙা চহৰ হিচাপে স্থান লাভ কৰিছে জুৰিখ, হংকং, নিউয়র্ক, জেনেভা, কপেনহেগেন, লছ এঞ্জেলছ,অ’ছাকা।

২০২০ৰ তালিকাত বিশ্বৰ সবাতােকৈ মহঙা চহৰ হিচাপে পেৰিছ, জুৰিখ আৰু হংকঙে যৌথভাৱে প্রথম স্থান লাভ কৰিছিল।

Exit mobile version