শোণিতপুৰৰ মিছামাৰীৰ সোণাই- ৰূপাই বন্যপ্ৰানী অভয়াৰন্যত গুলীচালনাৰ ঘটনা সংঘটিত হয় । অভয়াৰন্যখনৰ দিকেশ্বৰী বন শিৱিৰৰ সমীপত বনৰক্ষী আৰু চোৰাং কাটকটিয়াৰ মাজত গুলীয়াগুলী হয় ৷ এই ঘটনাত এজন গুলিবিদ্ধ হয় । গুলিবিদ্ধ লোকজন চোৰাং কাঠকটিয়া চালনাচা দৈমাৰী ৷
ইতিমধ্যে তেওঁক ৰঙাপৰা আৰক্ষীয়ে চিকিৎসাৰ বাবে জিএমচিএইছ-লৈ প্ৰেৰণ কৰিছে ৷ সোণাই-ৰূপাই বন্যপ্ৰানী অভয়াৰন্যৰ বনাঞ্চলিক বিষয়াই প্ৰকাশ কৰা মতে, টহলদাৰী বনৰক্ষীৰ দলে দিকেশ্বৰী বন শিৱিৰৰ সমীপত এটা কেম্প প্ৰত্যক্ষ কৰে ৷ কেম্পত দুজন লোকে ভাত ৰান্ধি আছিল ৷ প্ৰথমে তেওঁলোকৰ স’তে বনৰক্ষীৰ হতাহত হয় ৷ সেই দুজন লোকে পলায়ন কৰাৰ পাছতেই কাষতে থকা এটা চোৰাং কাঠ কটিয়াৰ দলে বনৰক্ষীলৈ লক্ষ্য কৰি গুলীচলনা কৰে ৷ লগে লগে বনৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰত গুলীচানা কৰে ৷
দুই পক্ষৰ মাজত গুলীয়াগুলি হয় ৷ পাছত সুযোগ বুজি চোৰাং কাঠ কটিয়াৰ দলটোৱে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ বনৰক্ষীৰ দলটোৱে ঘটনাস্থলীত এটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
তাৎপৰ্যপূৰ্ণ যে, অভয়াৰন্যখনৰ উত্তৰ দিশে প্ৰায়েই চোৰাং কাঠ কটিয়াৰ দলে প্ৰৱেশ কৰি দিনে-নিশাই মুল্যবান গছ-গছনি কাটি ধ্বংস কৰিছে ৷ এই ঘটনাৰ এমাহ পূৰ্বে বনৰক্ষী আৰু চোৰাং কাঠ কটিয়াৰ মাজত হতাহত হৈছিল ৷ য’ত দুগৰাকী বনৰক্ষীও আহত হৈছিল ।