অ’মিক্ৰনত যুৱ প্ৰজন্ম আক্ৰান্তৰ সম্ভাৱনা অধিক :দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিজ্ঞানীৰ তথ্য

covid

কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনে আকৌ এবাৰ বিশ্বত নতুন আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে ২৪ খনৰাে অধিক দেশ এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ADVERTISEMENT

এই নতুন প্রজাতিৰ ক’ভিড সংক্ৰমণৰ সন্দৰ্ভত দক্ষিণ আফ্রিকাৰ স্বাস্থ্য বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানলৈকে অ’মিক্রন কিমান ঘাতক আৰু ইয়াৰ জৰিয়তে কিমানসংখ্যক লােক প্রভাৱিত হ’ব সেই তথ্য স্পষ্ট হােৱা নাই।

দক্ষিণ আফ্রিকাৰ স্বাস্থ্য বিজ্ঞানীৰ তথ্য অনুসৰি, বৰ্তমানলৈকে এই নতুন প্রজাতিৰ ক’ভিড ভাইৰাছে সর্বাধিক যুৱ প্ৰজন্মক আক্রান্ত কৰিছে।

অ’মিক্রনক সাধাৰণ ভাইৰাছ হিচাপে গ্রহণ কৰিলে ভুল কৰা হ’ব বুলিও বিজ্ঞানীয়ে সকীয়াই দিছে। দক্ষিণ আফ্রিকাৰ স্বাস্থ্য বিভাগে লগতে কয় যে বর্তমানলৈকে যিসকল ৰােগী অ’মিক্রনত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈছে তেওঁলােকৰ সৰহসংখ্যকৰে বয়স ৪০তকৈ কম।

এই তথ্যৰ প্রতি লক্ষ্য ৰাখিলে আগন্তুক সময়ত যুৱ প্রজন্মৰ লােক অমিক্রনত অধিক আক্রান্ত হােৱাৰ শংকা

Exit mobile version