এনড্রইড ম’বাইল ফোন ব্যৱহাৰকাৰীসকল বিপজ্জনক এপৰ পৰা সাৱধান হওক, অন্যথা হেকাৰে চুৰি কৰিব পাৰে বেংকৰ একাউণ্টৰ সকলাে তথ্যপাতি অথবা আপােনাৰ সঞ্চিত ধন।
গুগল প্লে ষ্ট’ৰত বর্তমানে কমেও ১২টা এনে ধৰণৰ বিপজ্জনক এ আছে, যিসমূহ এপে বেংকৰ সকলাে তথ্যপাতি চুৰি কৰাৰ লগতে বেংকৰ একাউন্টৰ পৰা ধন উলিয়াই নিব পাৰে।
থ্রেটফেব্রিকছৰ গৱেষণা অনুসৰি এই ধৰণৰ বিপজ্জনক এনড্রইড এসমূহে কিউ আৰ কড স্কেনাৰ আৰু ক্রিপ্টকাৰেন্সি লেট হিচাপে কাম কৰে।
এই ধৰণৰ এ তৈয়াৰ কৰা হয় বেংক একাউণ্টৰ সবিশেষ তথ্যপাতি চুৰি কৰাৰ উদ্দেশ্যৰে। গুগল প্লে ষ্ট’ৰত উপলব্ধ এনেবােৰ বিপজ্জনক এপ্ ম’বাইল ফোনত ডাউনলোড কৰাৰ পৰা বিৰত থাকিবলৈ থ্রেটফেব্রিকছে পৰামৰ্শ দিছে।
একাংশ ভুৱা ৱকআউট আৰু ফিটনেছ এপৰ জৰিয়তেও ম’বাইল ফোনৰ পৰা বেংক একাউণ্টৰ তথ্যপাতি হেকাৰে আহৰণ কৰি আহিছে।
এই ধৰণৰ এপ ডাউনলােড কৰাৰ পাছত ম’বাইল ব্যৱহাৰকাৰীক ছফটৱেৰ আপডেট ইনষ্টল কৰাৰ বাবে অনুৰােধ জনােৱা হয় আৰু এয়া ‘থার্ড পার্টি’ৰ মাধ্যমৰে সম্পন্ন কৰা হয়।
এলিয়েন, হাইড্রা, এৰমাক ইত্যাদি নামৰ মেলৱেৰ ম’বাইল ফোনত ইনষ্টল হলে এনে বিপজ্জনক এপে বেংক একাউন্ট তথ্যপাতি চুৰি কৰাৰ লগতে মুহূর্ততে বেংকৰ জমাধন উলিয়াই নিব পাৰে।
সেয়েহে যিকোনা এপ ডাউনলােড কৰাৰ পূর্বে অধিক সতর্ক হ’বলৈ এনড্রইড ব্যৱহাৰকাৰীক পৰামর্শ দিলে থ্রেটফেব্রিকছে। এপ ডাউনলােডৰ পূর্বে এবাৰ সেই এপৰ ‘ৰিভিউ’ পঢ়ি লােৱা উচিত।