ঘৰলৈ অনা শাক-পাচলি ,ফলমূল ৰাসায়নিক মুক্ত কৰে নে?

ব্যৱহাৰ কৰক এই পদ্ধতি

assortment of colorful ripe tropical fruits top royalty free image 995518546 1564092355 1

ঘৰলৈ অনা আপেল বা যিকোনো ফল খোৱাৰ আগত ধুই বা কাপোৰেৰে মুচি খাই নেকি ? যদি খাই তেতিয়াহ’লে ফলমূলখিনি খোৱাৰ বাবে উপযোগী নহয় ।কাৰণ শাক-পাচলিৰ কৃষিত যিবিলাক কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় সেইসমূহ আমি ব্যৱহাৰ কৰা সাধাৰণ পানীৰে ধুই বা কাপোৰে মুচি আঁতৰ কৰিব নোৱাৰো।

কিন্তু পানী ব্যৱহাৰ কৰাৰ বাহিৰেও ঘৰতে কেনেকৈ এই ফলমূল বা শাক-পাঁচলিৰ ৰাসায়নিক-মুক্ত কৰিব? জানেনে

ফলমূল বা শাকপাঁচলিৰসমূহ পৰিস্কাৰ পানীত ভালদৰে ধুই পুনৰ নিমখীয়া পানীৰে ধুব: চাৰি কাপ গৰম পানীত দুই চামুচ নিমখত আধা ঘন্টাৰ পৰা একঘণ্টালৈকে ফলমূলবোৰ তিয়াই ৰাখিব পাৰে। ইয়াৰ পাছত, ফলমূলবোৰ ঠাণ্ডা পানীৰে ভালদৰে ধুই ল’ব।

বেকিং চডাৰ ব্যৱহাৰ: বেকিং চডাত ফল তিয়াই ৰাখিলে দূষিতকৰণৰ সমাত্ৰা ৯৬ % লৈকে হ্ৰাস কৰিব পাৰে। এটা ডাঙৰ বাটিত পানী লৈ ইয়াত এক চামুচ বেকিং চডা যোগ দিয়ক। ভালদৰে মিহলি কৰি ফলবোৰ ৰখাৰ পাছত । অলপ সময় তিয়াই হৈ ব্ৰাছেৰে ফলবোৰ ভালদৰে পৰিষ্কাৰ কৰক।

ভিনেগাৰেৰৰ ব্যৱহাৰ: ফলবোৰ নিমখীয়া পানীত তিয়াই ৰখাৰ এইটো এটা বিকল্প। এটা ডাঙৰ পাত্ৰত চাৰি অংশ পানী আৰু ভিনেগাৰৰ এটা অংশ মিশ্ৰণ কৰিব আৰু ফলসমূহ এই মিশ্ৰণত ৩০-৬০ মিনিটৰ বাবে তিয়াই থব। তাৰ পাছত, ইয়াক ঠাণ্ডা পানীৰে ভালদৰে ধুই ল’ব। এনে কৰিলে ফলত থকা দূষিত পদাৰ্থবোৰ আঁতৰ হ’ব আৰু ফলবোৰ সহজে বেয়া নোহোৱাকৈ দীঘলীয়া সময়ৰ বাবে সতেজ কৰি ৰাখিব।

Exit mobile version