বাগসাৰ ককিলাবাৰীত বিদ্যুৎ প্ৰবাহিত হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

f2c161fe 3a19 421c 9eec ef72b449cd42

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বাগসাৰ ককিলাবাৰীত নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ দুৰ্বৃত্তই খেতিপথাৰত সংযোগ কৰা সৌৰশক্তি চালিত বিদ্যুৎ তাঁৰত লাগি কৰুণ মৃত্যু হয় এজনী মাইকী বনৰীয়া হাতীৰ৷

তথ্য অনুসৰি মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বনাঞ্চলৰ গাতে লাগি থকা ককিলাবাৰী কৃষি ফাৰ্মৰ ওচৰৰ ধাননিত স্থানীয় কৃষ্ণ বসুমতাৰী নামৰ এজন লোকে তেওঁৰ পকা ধান বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ হাতী অহা-যোৱা কৰা পথত সংযোগ কৰিছিল সৌৰশক্তি চালিত বিদ্যুৎৰ তাঁৰ ৷

তাতেই নিশা খাদ্যৰ সন্ধানত মানাহৰ পৰা পোৱালি সহিতে ওলাই অহা এটি মাইকী বনৰীয়া হাতী উক্ত বৈদ্যুতিক তাঁৰত লাগি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷

আনহাতে নিশাৰ পৰাই মাতৃদুগ্ধ পান কৰিব নোৱাৰি মৃত মাইকী হাতীটোৰ কাষত দিনৰ ভাগলৈকে কৰুণভাৱে ৰৈ থাকে প্ৰায় দুবছৰীয়া হাতীৰ পোৱালিটো৷

আজি ৰাতিপুৱাৰ ভাগত ঘটনাস্থলীত বন বিভাগৰ লোক, আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ মৃত হাতীটোক সৎকাৰৰ ব্যৱস্থা কৰাৰ লগতে পশু চিকিৎসকে পোৱালি হাতীটোক ট্ৰেংকুলাইজ কৰি ভূঞাপাৰা ৰেঞ্জলৈ লৈ যায় ৷

ইফালে আৰক্ষী-বন বিভাগে বিদ্যুৎ সংযোগ কৰা কৃষ্ণ বসুমতাৰীৰ সকলো সা-সৰঞ্জাম জব্দ কৰাৰ উপৰি লোকজনক ইতিমধ্যে আটক কৰিছে৷

Exit mobile version