Omicron: ডেল্টা আৰু বিটাৰ তুলনাত পুনৰ সংক্ৰমণ প্ৰায় তিনি গুণ অধিক অ’মিক্ৰনৰ !দাবী সমীক্ষাত

variant

কৰ’না ভাইৰাছৰ ডেল্টা বা বিটা ৰূপৰ তুলনাত অ’মিক্ৰনৰ পুনৰ সংক্ৰমণৰ হাৰ তিনি গুণ বেছি! শেহতীয়া এটা সমীক্ষাত এই দাবী কৰা হৈছে।

অধ্যয়নটোৱে ২৭ নৱেম্বৰলৈকে দক্ষিণ আফ্ৰিকাত অ’মিক্ৰনৰ সংক্ৰমণ তালিকা বিশ্লেষণ কৰিছিল। য’ত প্ৰায় ২৮লাখ নমুনা পৰীক্ষা কৰি চোৱা হৈছিল আৰু কমেও ৩৫,৬৭০ জনৰ দেহত দ্বিতীয় বা তাৰ অধিক বাৰ সংক্ৰমিত কাৰণ হৈছে অ’মিক্ৰন। কিন্তু সেই ৰিপৰ্টৰ এতিয়াও সম্পূৰ্ণৰূপে পৰ্যালোচনা কৰা হোৱা নাই।

দক্ষিণ আফ্ৰিকাৰ ‘ডিএছআই-এনআৰএফ চেণ্টাৰ অৱ এক্সিলেন্স ইন এপিডেমিঅ’লজিকেল মডেলিং এণ্ড এনালাইচিছ’ৰ সঞ্চালক জুলিয়াম পুলিলেটে জনাইছে, কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ দ্বাৰা প্ৰভাৱিত হোৱা বহুতে শেহতীয়াকৈ অ’মিক্ৰনত সংক্ৰমণ হৈছে ।

অৱশ্যে, সেই আক্ৰান্ত লোকসকলৰ কিমান জনে কৰ’না প্ৰতিষেধ লৈছে তাৰ তথ্য এতিয়াও বিশ্লেষণ কৰা হোৱা নাই। ফলস্বৰূপে, অ’মিক্ৰন পৰিহাৰ কৰিবলৈ ভেকছিন কিমান পৰিমাণে সক্ষম, এতিয়াও মূল্যাঙ্কন কৰা হোৱা নাই।

জুলিয়ামে জনাইছে, এই সংক্ৰান্ত সমীক্ষা চলি আছে। লগতে তেওঁ দাবী কৰে যে প্ৰথম সংক্ৰমণৰ ক্ষেত্ৰত ডেল্টা ৰূপৰ ভূমিকাও আটাইতকৈ বেছি ।

প্ৰতিবেদনত যিয়ে দাবী কৰা হওক, একাংশ বিশেষজ্ঞই কয় যে অ’মিক্ৰনৰ ওপৰত কোনো সিদ্ধান্ত ল’বলৈ পৰ্যাপ্ত তথ্য পোহৰলৈ অহা নাই। গৱেষণা চলি আছে। ফলস্বৰূপে, অপ্ৰয়োজনীয়ভাৱে আতংকিত হোৱাৰ কোনো কাৰণ নাই। কিন্তু সজাগ সচেতনতা গুৰুত্বপূৰ্ণ।

Exit mobile version