দেশৰ বজাৰত অন্যান্য খাদ্যতেলৰ লগতে মিঠাতেলৰ মূল্যবৃদ্ধি অব্যাহত আছে । বিগত এবছৰত ভাৰতৰ বজাৰত মিঠাতেলৰ মূল্য দুগুণৰো অধিক বৃদ্ধি পালে ।
প্ৰকাশিত বাতৰি অনুসৰি, যোৱা বছৰৰ তলাবন্ধৰ সময়ছোৱাত দেশৰ বজাৰত প্ৰতিলিটাৰ সৰিয়হৰ তেলৰ মূল্য ৯০-৯৫ টকাৰ ভিতৰত আছিল । বৰ্তমানে প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য ১৭৪ টকাৰ পৰা ১৯০ টকাৰ ভিতৰত আছে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০১৯ৰ পৰা ২০২০ বৰ্ষৰ সময়ছোৱাত সৰিয়হ তেলৰ মূল্য প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছিল । প্ৰতিবেদনৰ তথ্য অনুসৰি, দেশত চাহিদাৰ তুলনাত খাদ্যতেলৰ উৎপাদন যথেষ্ট হ্ৰাস পোৱাৰ ফলতে মিঠাতেলসহ অন্যান্য খাদ্যতেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে ।