বুঢ়ীদিহিঙত আৰম্ভ হ’ল বদৌচা কাপ ২০২১

বালিজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত খেলত জয়ী আপাৰ আছাম এফ চি

বদৌচা স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত, অসম ক্ৰীড়া সন্থাৰ তত্বাৱধানত অসমৰ ১৬টা স্থানত আজিৰ পৰা আৰম্ভ হৈছে আন্ত:ৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ১৩ সংখ্যক “বদৌচা কাপ ২০২১” ফুটবল প্ৰতিযোগিতা । আজি প্ৰথম দিনাৰ উদ্ধোধনী খেল ৰাজ্যৰ আন দুটা স্থানৰ লগতে বালিজান ৰাজহুৱা খেলপথাৰতো অনুষ্ঠিত হয় ।

অসম-অৰুণাচল সীমান্তৰ বালিজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উদ্ধোধনী খেলৰ পতাকা উত্তোলন কৰে বদৌচা স্প’ৰ্টছ ক্লাৱৰ উপ-সভাপতি নিলকান্ত ফুকনে আৰু স্মৃতি তৰ্পণ কৰে জয়ন্ত দহোটীয়াই । ১৩ সংখ্যক বদৌচা কাপৰ বালিজান ৰাজহুৱা খেলপথাৰত গ্ৰুপ এইছ-ৰ আজিৰ খেল অনুষ্ঠিত হয় আপাৰ আছাম এফ চি বনাম নৱজ্যোতি এফ চি কৰদ্দৈগুৰিৰ মাজত ।

আপাৰ আছাম এফ চি দলে নৱজ্যোতি এফ চি কৰ্দ্দৈগুৰি দলক ২-০ গ’লত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে । আপাৰ আচাম এফ চি দলৰ হৈ ২৫ আৰু ৩৮ মিনিটত দুটাকৈ গ’ল দিয়ে মহেশ পুৰাণে । মুখ্য পৰিচালক হিচাপে খেল পৰিচালনা কৰে বিদ্যুত বৰুৱাই, সহযোগী পৰিচালক হিচাপে ৰিয়াজ চুতীয়া, ৰকি চাউৰকে সহায় কৰে, চতুৰ্থ ৰেফাৰী হিচাপে সহযোগ কৰে ইনুত চাউৰকে ।

আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে আপাৰ আছাম এফ চি দলৰ মহেশ পুৰাণে । খেল উদ্ধোধন কৰে ফিল’বাৰী চাহ বাগিচাৰ পৰিচালক ভজন পাল সিঙে । কালিলৈ আন এখন খেল অনুষ্ঠিত হ’ব কাকপথাৰ এফ চি আৰু ডুমডুমা মৰনিং ক্লাৱৰ মাজত ৷

Exit mobile version