Covid-19 Vaccine : শ্বপিং মল, ৰেস্তোৰাঁত প্ৰৱেশ কৰিবলৈ লাগিব ক’ভিড টিকাৰ প্ৰমাণপত্র, নির্দেশনা তামিলনাডুৰ মাদুৰাইত

Covid Vaccine PTI 12

কেৱল মাস্ক পৰিধান কৰা আৰু দূৰত্ববিধি অৱলম্বন কৰাই যথেষ্ট নহয় । তামিলনাডুৰ মাদুৰাইত বজাৰ, শ্বপিং মল, হোটেল, ৰেস্তোৰাঁ, চৰকাৰী-বেচৰকাৰী দপ্তৰৰ দৰে ৰাজহুৱা স্থানত কৰ’না টিকাৰ প্ৰমাণপত্রৰ প্ৰয়োজন । ভাৰতত অ’মিক্রনৰ সংক্ৰমণ হোৱাৰ খবৰ প্ৰকাশ্যত অহাৰ লগে লগে নানা বিধিনিষেধ জাৰি কৰা হৈছে দক্ষিণ তামিলনাডুৰ এই চহৰত ।

মাদুৰাইৰ জিলা প্ৰশাসক অনীশ শেখৰে শনিবাৰে জনাইছে, অঞ্চলৰ বাসিন্দাসকলক অন্তত এটা ক’ভিড-১৯ টিকা ল’বৰ বাবে এসপ্তাহ সময় দিয়া হৈছে। এই সময়সীমাৰ ভিতৰত টিকা নল’লে সংশ্লিষ্ট লোকে ৰাজহুৱা স্থানত যাব নোৱাৰিব ।

উল্লেখ্য, তামিলনাডুৰ চুবুৰীয়া ৰাজ্য কর্ণাটকত বৃহস্পতিবাৰে অ’মিক্রন সংক্রমণ ধৰা পৰিছে । তাৰ পাছতেই ৰাজ্যখনৰ চৰকাৰে ৰাজহুৱা স্থানত যোৱাৰ ক্ষেত্রত দুটা কৰ’না টিকা লোৱা বাধ্যতামূলক কৰিছে ।

Exit mobile version