Omicron : দক্ষিণ-পূৱ এছিয়াও প্ৰস্তুত থাকক : হু

omicron

কৰ’না ভাইৰাছৰ অ’মিক্রন ষ্ট্ৰেন কিমান সংক্রামক ? উপসর্গসমূহ কেনেকোৱা ? আগৰ ষ্ট্ৰেনসমূহৰ দৰেই নে পৃথক ? অ’মিক্রনক ৰোধ কৰিবলৈ ভেকচিন কাৰ্যকৰী হ’ব নে নাই ? বিশ্বজুৰি এতিয়া এয়াই প্রশ্ন ।

বিশ্ব স্বাস্থ্য সংস্থাথ (হু) শীর্ষ বিজ্ঞানী সৌম্যা স্বামীনাথনে জনাইছে, বিটা বা ডেল্টা ষ্ট্ৰেনৰ তুলনাত অ’মিক্রন প্ৰায় তিনি-চাৰি গুণ অধিক সংক্রামক । তেওঁলোকৰ শংকা, আগন্তুক কিছু মাহৰ ভিতৰতে ইউৰোপসহ সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাব অ’মিক্রনে ।

আমেৰিকাত শুকুৰবাৰে দক্ষিণ আফ্রিকাৰ পৰা উভতি অহা এজন পর্যটকৰ শৰীৰত অ’মিক্রনৰ সন্ধান পোৱা গৈছে । আজি নিউ ইয়র্কত আৰু পাঁচজনল নমুনা পৰীক্ষা কৰি অ’মিক্রনৰ সন্ধান পোৱা গৈছে । ফলত আমেৰিকাত অ’মিক্রন আক্রান্তৰ সংখ্যা হৈছে আঠজন । ইপিনে, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, ভাৰততো অ’মিক্রনৰ অস্তিত্ব পোৱা গৈছে । তেনে সময়তে আজি দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহক প্ৰস্তুত থকাৰ বার্তা দিছে হু-ৱে ।

হু-ৰ পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ডিৰেক্টৰ টাকেছি কাছাই আজি কয়, ‘‘আন্তর্জাতিক সীমান্ত বন্ধ কৰাই একমাত্র সমাধান নহয় । সেইটো কৰি আমি হয়তো কিছু সময় পাম । কিন্তু সেই সময়তেই আমাৰ স্বাস্থ্য সেৱা প্ৰস্তুত থাকিব লাগিব ।’’ টিকাকৰণ অব্যাহত ৰখা, মাস্ক পৰিধান আৰু সামাজিক দূৰত্ববিধি কঠোৰভাৱে পালন কৰাৰ উপতেই জোৰ দিছে তেওঁ ।

আজি দক্ষিণ আফ্রিকাৰ চিকিৎসকসকলে জনাইছে, তাত কৰ’নাৰ চতুর্থ ঢৌ আৰম্ভ হৈছে । বিগত কিছুদিনত শিশুসকলৰ সংক্রমণৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । হু-ৱে জনাইছে, ডেল্টা ৰোধ কৰিবলৈ যি যি পন্থা লোৱা হৈছিল, সেইসমূহ অ’মিক্রন ৰোধ কৰিবলৈও কাৰ্যকৰী হ’ব । টিকা লোৱা থাকিলে অসুস্থতাৰ মাত্রা বহু পৰিমাণে নিয়ন্ত্রণত থাকিব বুলি ধাৰণা কৰিছে চিকিৎসকসকলে ।

Exit mobile version