মাৰুতি ছুজুকি ইণ্ডিয়াই অহা বছৰৰ আৰম্ভণিতে গাড়ীৰ মূল্যবৃদ্ধি কৰিবলৈ সাজু হৈছে যে কোম্পানীটোৱে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই দাম বৃদ্ধিৰ সিদ্ধান্ত । অহা বছৰৰ জানুৱাৰীৰ পৰাই বাহনখনৰ মূল্যবৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে ।
কোম্পানীটোৱে জানিবলৈ দিয়া মতে, ইয়াৰ সকলো মডেলৰ মূল্য একে হাৰত বৃদ্ধি কৰা নহ’ব, বৰঞ্চ বেলেগ বেলেগ গাড়ীৰ বিভিন্ন মডেলৰ মূল্য পৃথকে বৃদ্ধি কৰা হ’ব । কোম্পানীটোৰ বিক্ৰী শাখাৰ জ্যেষ্ঠ কাৰ্যবাহী সঞ্চালক শশাংক শ্ৰীবাস্তৱে কয়, ‘গাড়ী নিৰ্মাণকাৰী কোম্পানীবোৰৰ সামগ্ৰিক ব্যয়ত কেঁচা সামগ্ৰীৰ আঁৰৰ ব্যয় অতি গুৰুত্বপূৰ্ণ । সাধাৰণতে, সামগ্ৰিক ব্যয়ৰ ৭০ৰ পৰা ৭৫ শতাংশ কেঁচামালৰ ওপৰতে ব্যয় কৰা হয় । চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত, মাৰুতিৰ মুঠ বিক্ৰীৰ স’তে কেঁচামালৰ বাবদ হোৱা খৰচৰ অনুপাত ৮০.৫ শতাংশলৈ বৃদ্ধি হৈছে, যি যথেষ্ট অপ্ৰত্যাশিত ।’
আনহাতে, মাৰুতি ছুজুকি ইণ্ডিয়াই শীঘ্ৰেই সৰু আৰু সস্তীয়া গাড়ীৰ খোলাৰ পৰা ওলাই আহি স্পা’ৰ্ট ইউটিলিটি ভেহিকেল (এছইউভি) নিৰ্মাণ কৰাৰ বাবে আগবঢ়া বুলিও মন্তব্য কৰে শীৰ্ষ বিষয়াজনে । তেওঁ কয়, ‘অহা তিনি বছৰৰ ভিতৰতে ২০ লাখ টকা পৰ্যন্ত দামৰ এখন আটকধুনীয়া এছইউভি মুকলি কৰিবলৈ সাজু হৈছে মাৰুতি ।’
কোম্পানীৰ এক শীৰ্ষ সূত্ৰত প্ৰকাশ পোৱা মতে, জাপানৰ ছুজুকি মটৰৰ ভাৰতীয় শাখাটোৱে মাৰুতিৰ আগন্তুক এই নতুন এছইউভিত কম ইন্ধনতে অধিক দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ সৰ্বাধুনিক আৰু দক্ষ প্ৰযুক্তিৰ প্ৰয়োগ কৰিব । তদুপৰি মাৰুতিৰ দ্বাৰা নিৰ্মিত এই এছইউভিত পেট্ৰ’ল ইঞ্জিনৰ লগতে চিএনজি আৰু হাইব্ৰিড ইঞ্জিনৰো ব্যৱহাৰ কৰা হ’ব ।