গোলাঘাট জিলাত প্ৰথমবাৰৰ বাবে মহিলাৰ এখন ব্যতিক্ৰমী বজাৰ

805c920a bdd0 4934 9730 93b9e4158239

ৰাজ্যত প্ৰথমবাৰৰ বাবে মহিলাৰ এখন ব্যতিক্ৰমী বজাৰ । য’ত আছে কেৱল মহিলা বিক্ৰেতা । নিজস্ব উৎপাদিত সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰি কৰিছে মহিলাই ।

উৎপাদিত থলুৱা সামগ্ৰীৰে ভৰপুৰ হৈ আছে এই ব্যতিক্ৰমী বজাৰখন । গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মসংস্থাপন বাটত সহায়ক হোৱাকৈ এনে আন্তৰিক পদক্ষেপ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ।

গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ, খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজি নাওজান সাপ্তাহিক বজাৰ চৌহদত এখন মহিলা সাপ্তাহিক বজাৰ মুকলি কৰা হয় ।

এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মহিলা বজাৰখন আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে ।

অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল সুৰেশ জাভীৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া মাধুৰ্য প্ৰসাদ বৰা, দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লোকনাথ দাস আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল ।

উল্লেখযোগ্য যে এই মহিলা বজাৰত বিভিন্ন মহিলা আত্মসহায়ক গোটৰ সদস্যই নিজে উৎপাদন বা তৈয়াৰ কৰা সামগ্ৰীৰ উপৰি অন্য সামগ্ৰীও বিক্ৰী কৰিব পাৰিব । প্ৰতি দেওবাৰে এই মহিলা বজাৰ খোলা থাকিব । আজি প্ৰথমদিনাই মহিলা ব্যৱসায়ীসকলে ১৪৬ খন বিপনীত মুঠ এক লাখ ৭০ হেজাৰ টকাৰ সামগ্ৰী বিক্ৰী কৰে ।

Exit mobile version