সোমবাৰে সংসদত উত্থাপন হ’ব ‘বেংক বেচৰকাৰীকৰণ’ বিল ! দেশজুৰি আন্দোলনৰ সকীয়নি ৰাকেশ টিকায়তৰ

PTI26 12

কৃষি আইনৰ পাছত এইবাৰ বেংক বেচৰকাৰীকৰণৰ প্রতিবাদ ! সংসদত বেংক আইন সংশোধনী বিল পাছ হ’লেই দেশজুৰি কৃষক বিক্ষোভৰ (Farmers Protest) সকীয়নি দিছে কৃষক নেতা ৰাকেশ টিকায়তে । তেওঁ কয়, এইবাৰ বেচৰকাৰীকৰণৰ প্রতিবাদত দেশজুৰি আন্দোলনৰ প্রয়োজন ।

দেওবাৰে এক টুইটত টিকায়তে জনায়, ছয় ছেপ্টেম্বৰ, সোমবাৰে সংসদত বেংক বেচৰকাৰীকৰণ কৰাৰ বিল উত্থাপন কৰা হ’ব সংসদত । এই বেচৰকাৰীকৰণৰ (Bank Privatisation) বিৰুদ্ধেও কৃষি আইনৰ দৰে দেশজুৰি আন্দোলনৰ প্রয়োজন । সংসদৰ শীতকালীন অধিবেশনত বেংকিং আইন সংশোধনী বিল ২০২১ উত্থাপন কৰা হ’ব । বিশেষজ্ঞসকলৰ মতে, আইনটো পাছ হ’লেই ৰাষ্ট্রীয় বেংক বেচৰকাৰীকৰণৰ ক্ষেত্রত সমস্ত বাধা দূৰ হৈ যাব । এইবাৰ তাৰেই প্রতিবাদৰ হুমকি দিলে টিকায়তে ।

ফেব্রুৱাৰীৰ আৰম্ভণিতে সংসদত উত্থাপন কৰা সাধাৰণ বাজেটত দেশৰ কিছু সংখ্যক ৰাষ্ট্রীয় বেংক বেচৰকাৰীকৰণৰ কথা ঘোষণা কৰিছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে । বেচৰকাৰীকৰণৰ বাবে প্রাথমিকভাৱে চাৰিটা মজলীয়া বেংক বাচি লয় মোদী চৰকাৰে । যিকেইখন বেংকক বেচৰকাৰীকৰণৰ বাবে প্রাথমিক তালিকাত ৰখা হৈছিল, সেইকেইখন হৈছে বেংক অৱ মহাৰাষ্ট্র (Bank of Maharashtra), বেংক অৱ ইণ্ডিয়া (Bank of India), ইণ্ডিয়ান অভাৰছিজ বেংক আৰু চেন্ট্রেল বেংক অৱ ইণ্ডিয়া (Central Bank of India) । সূত্রৰ খবৰ, ইয়াৰে ইণ্ডিয়ান অভাৰছিজ বেংক আৰু চেন্ট্রেল বেংক অৱ ইণ্ডিয়াৰ অধিকাংশ শ্বেয়াৰ বিক্রী কৰিবে চৰকাৰে । সোমবাৰে যদি সংসদত বিলখন পাছ হয়, এই দুটা বেংকৰ বেচৰকাৰীকৰণৰ প্রক্রিয়া আৰম্ভ ‌হৈ যাব ।

কেন্দ্রৰ এই বেচৰকাৰীকৰণ (Bank Privatisation) নীতিৰ প্রতিবাদত ইতিমধ্যে দেশজুৰি বেংক ধর্মঘটৰ আহ্বান জনাইছে একাধিক কর্মচাৰী সংগঠনে । অবিলম্বে বেচৰকাৰীকৰণৰ প্রক্রিয়া বন্ধ নকৰিলে অহা ১৬ আৰু ১৭ ডিচেম্বৰত একযোগ হৈ ধর্মঘট পালন কৰিব বেংক কর্মচাৰীসকলৰ ন টা সর্বভাৰতীয় সংগঠনে । ইউনাইটেড ফোৰাম অৱ বেংক ইউনিয়নছ (United Forum of Bank Unions) নামৰ এটা যৌথ সংগঠনে এই সিদ্ধান্ত লৈছে । এইবাৰ টিকায়তেও আন্দোলনৰ সকীয়নি দিলে ।

Exit mobile version