ভিছা বনাম ৰুপে

ৰুপে কাৰ্ডৰ জনপ্রিয়তা বৃদ্ধিক লৈ উদ্বিগ্ন মার্কিন চৰকাৰ

Cards

ভাৰতৰ ৰুপে কাৰ্ডৰ ক্রমবর্ধমান জনপ্রিয়তাক লৈ শংকিত এতিয়া বিশ্বৰ সর্বাধিক প্রচলন হােৱা ভিছা কার্ড নামৰ কোম্পানীটো। ভিছা কার্ডে ৰুপে কাৰ্ডৰ এই জনপ্রিয়তাৰ আঁৰত ভাৰত চৰকাৰৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক নীতিসমূহক জগৰীয়া কৰি অলপতে ইয়াৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ ওচৰত এক অভিযােগ দাখিল কৰিছে।

ভিছাৰ অভিযােগ অনুসৰি, ভাৰত চৰকাৰে ৰুপে কাৰ্ডৰ প্রচলন বৃদ্ধিৰ বাবে প্রত্যক্ষ আৰু পৰােক্ষভাৱে ৰুপেক কেতবােৰ অনৈতিক সুবিধা প্রদান কৰি আছে। লগতে অভিযােগ কৰা হৈছে যে ভাৰত চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত উভয়ভাৱে দেশৰ বজাৰত ৰুপে কাৰ্ডৰ্ক সহায় কৰি আছে।

অভিযােগনামাত এই বুলিও কোৱা হৈছে যে,স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ৰুপে কাৰ্ডৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ নিজাববীয়াকৈ কেবাটাও পদক্ষেপ গ্রহণ কৰিছে।

ৰুপেৰ বিজ্ঞাপন প্রচাৰত অংশগ্রহণ কৰি মােদীয়ে এই কাৰ্ডৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ জাতীয়তাবাদক ব্যৱহাৰ কৰা বুলি অভিযােগ কৰা হৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি, যােৱা ৯ আগষ্টতে বাণিজ্য প্রতিনিধি কেথেৰিন টাই আৰু চিইঅ’ আলফ্রেড কেলিকে ধৰি ভিছা কোম্পানীৰ কাৰ্যবাহী বিষয়াসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় বজাৰত ভিছা কার্ডৰ ব্যৱসায় সম্পর্কে উদ্বিগ্নতা প্রকাশ কৰা হৈছিল।

ইয়াৰ পূর্বে, ৰুপে কাৰ্ডৰ জনপ্রিয়তাৰ বিষয়ে চিন্তিত হৈ, মাষ্টৰ কার্ডেও একে ধৰণৰ উদ্বেগ প্ৰকাশ কৰিছিল। ৰয়টাৰৰ শেহতীয়া খবৰ অনুসৰি, এই সমগ্র বিষয়টোক লৈ সম্প্রতি মার্কিন যুক্তৰাষ্ট্ৰৰ এছইটিআৰএৰ আগত প্রতিবাদ কৰিছে ভিছাই।

কোম্পানীটোৰ মূল অভিযােগ এই যে, নৰেন্দ্ৰ মােদীয়ে স্থানীয় নেটৱৰ্কৰ ব্যৱহাৰৰ বাবে প্রতিবাৰে জাতীয়তাবাদক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে। ইফালে, ভাৰত চৰকাৰৰ অনৈতিক নীতিসমূহক লৈ ভিছাৰ যি যি অভিযােগ সেই সমূহ শেহতীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশােধ নিগম বা এনপিচিআইৰ আগতাে উত্থাপিত কৰিছে বুলি জানিব পৰা গৈছে।

স্মর্তব্য, প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০১৮ ত পােন প্রথমবাৰৰ বাবে এক ভাষণযােগে দেশবাসীক দেশপ্ৰেমৰ দোহাই দি ৰুপে কার্ড ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে, সকলােৱে ভাৰতৰ সুৰক্ষাৰ বাবে ৰুপে কার্ড ব্যৱহাৰ কৰা উচিত।

মােদীৰ এই ভাষণৰ পাছতাে ভিছা কোম্পানীয়ে উদ্বেগ প্রকাশ কৰা দেখা গৈছিল। ভিছাৰ অভিযােগ মতে, কেন্দ্রীয় চৰকাৰে ৰুপেৰ ব্যবহাৰ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় বেংকসমূহৰ ওপৰত চাপ সৃষ্টি কৰিছে।

ইফালে বিত্ত মন্ত্রী নির্মলা সীতাৰমণেও যােৱা বছৰ ৰুপে কাৰ্ডৰ প্রচাৰ সন্দৰ্ভত এই বুলি কৈছিল যে ভাৰতত প্রচলিত কার্ডসমূহৰ ভিতৰত ৰুপে হৈছে একমাত্র এনে কার্ড যাক বেংকসমূহে প্ৰচাৰ কৰিবলৈ যৎপৰােণনাস্তি চেষ্টা চলােৱা উচিত।

মন কৰিবলগীয়া, চৰকাৰে দেশীয় লেনদেন ভিত্তিক কার্ডসমূহৰ জনপ্রিয়তা বৃদ্ধিৰ উদ্দেশ্যে নিজাববীয়াকৈ বিভিন্ন প্রচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজহুৱা পৰিবহণ পৰিশােধৰ বাবে ৰুপে আধাৰিত কাৰ্ডৰ প্রচলন।

এনে প্রচেষ্টাৰ ফলত ৰুপে কার্ডে বর্তমানে ভাৰতীয় কার্ডসমূহৰ জৰিয়তে আধিপত্য বিস্তাৰ কৰিছে। উল্লেখ্য যে প্রধানমন্ত্রী মােদীয়ে দ্রুতগতিত বর্ধিত কার্ড পেমেন্টৰ বজাৰখনত ভিছা আৰু মাষ্টাৰ কাৰ্ডৰ্ক প্রত্যাহ্বান জনাই বিগত কেইটামান বছৰ ধৰি স্বদেশী ৰুপেক চৰ্চালৈ অনাৰ বাবে যি প্রচেষ্টা চলাইছে যাৰ ফলস্বৰূপে যােৱা ২০২০ৰ নৱেম্বৰ পর্যন্ত , ভাৰতত প্রচলিত মুঠ ৯৫২ নিযুত ডেবিট আৰু ক্রেডিট কার্ডৰ ভিতৰত ৰুপেৰ অংশীদাৰিত্ব ৬৩ শতাংশলৈ বৃদ্ধি হৈছে । য’ত নেকি ২০১৭ ত মাত্র ১৫ শতাংশহে অংশীদাৰিত্ব আছিল ৰুপেৰ।

Exit mobile version