Omicron : দেশত পুনৰ অ’মিক্ৰনত আক্ৰান্তৰ সন্ধান পোৱা গ’ল দিল্লীত

omicron covid scare

দেশত পুনৰ অ’মিক্ৰনত আক্ৰান্ত দিল্লীৰ এজন । এই পৰ্যন্ত দেশত পাঁচজনৰ দেহত পোৱা গৈছে অ’মিক্ৰনৰ উপস্থিতি ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতয়েন্দ্ৰ জৈনে জনাইছে, আক্ৰান্তলোকজন তাঞ্জানিয়াৰ পৰা দিল্লীলৈ উভতি আহিছিল। নমুনা পৰীক্ষা কৰাৰ পাছত, ব্যক্তিজনৰ দেহত ধৰা পৰে অ’মিক্ৰনৰ উপস্থিতি ।

ব্যক্তিজনক লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জৈনে আৰু জনাইছে , বিদেশৰ পৰা অহা সকলৰ ভিতৰত ১৭ জন ক’ভিডত আক্ৰান্ত । তেওঁলোক সকলো চিকিৎসাধীন হৈ আছে।

আজি ৰাতিপুৱা মুম্বাইৰ এজন মেৰিন ইঞ্জিনিয়াৰৰ শৰীৰত ভাইৰাছটো ধৰা পৰে। দেশত প্ৰথম অ’মিক্ৰনত আক্ৰান্ত ৰ সন্ধান পোৱা যায়।

Exit mobile version