Winter Skincare : শীতকালত ছালৰ ৰুক্ষতা দূৰ কৰিবলৈ খাওক এই সমূহ খাদ্য

34990 hd

বাদাম

বাদামত বিভিন্ন এণ্টিঅক্সিডেণ্ট, ভিটামিন ই আৰু গুৰুত্বপূৰ্ণ ফেটি এচিড থাকে। এই উপাদানবোৰে আমাৰ ছালক ভিতৰ আৰু বাহিৰ দুয়োফালে ময়েশ্চাৰাইজ কৰি ৰাখে। নিয়মীয়াকৈ বাদাম খোৱাৰ ফলত ছালৰ কোষৰ ক্ষতি মেৰামতি হয়। ফলস্বৰূপে, শীতকালতো ছাল ফাটি নাযায়।

মাছ

অমেগা ৩ ৰ প্রধান উৎস হৈছে মাছ ৷ ছালৰ বাবে অমেগা ৩ অতি গুৰুত্বপূৰ্ণ ৷ মাছৰ অমেগা ৩এ প্ৰদাহ হ্ৰাস কৰি ছালখন উজ্জ্বল কৰি ৰাখে ।

চয়াবীন

চয়াবীনত আইচফ্লেভন থাকে৷ এইবোৰে কোলাজেন উৎপাদন কৰে৷ ফলস্বৰূপে ছালত কোঁচ নপৰে৷ চয়াবীনৰ সলনি টফু বা চয়ামিল্কো খাব পাৰে৷ ।

কণী

কণীত ছালফাৰ আৰু লেটাইন থাকে ৷ এই দুটা উপাদানে ছালৰ আৰ্দ্ৰতা বজাই ৰাখে৷ ৰাতিপুৱাৰ আহাৰত কণী একাধিক ৰূপত ৰাখিব পাৰি ।

বিলাহী

ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থকা বাবে বিলাহীয়ে ছালৰ ওপৰত বয়সৰ চাপ পৰিব নিদিয়ে।

Exit mobile version