অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত মানাহৰ বন বিষয়া ধৰণীধৰ বড়োক উষ্ম সম্বৰ্দ্ধনা

WhatsApp Image 2021 12 06 at 7.23.03 PM

অসম চৰকাৰে শেহতীয়াকৈ অসমৰ কে’বাজনো বিশিষ্ট ব্যক্তিক বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ বাবে ভিন্ন শিতানত বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৷ চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এগৰাকী প্ৰখ্যাত বন বিষয়া ধৰণীধৰ বড়ো ৷

বন বিষয়া ধৰণীধৰ বড়োৰ অশেষ চেষ্টা, কৰ্তব্যনিষ্ঠাৰ বাবে কাজিৰঙা, মানাহ আদিক দেশ তথা বিশ্ববাসীৰ মাজত চিনাকি কৰি দিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ কাৰ্যকালতে কাজিৰঙা, মানাহ আদিত গঁড় নিধন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ সুদীৰ্ঘকাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এগৰাকী বিশেষ কৰ্তব্যৰত বন বিষয়া হিচাপে দ্বায়িত্বপ্ৰাপ্ত শেহতীয়াকৈ অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত বন বিষয়া ধৰণীধৰ । এই খবৰ লাভ কৰি উৎফুল্লিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

ইপিনে, মানাহৰ এইগৰাকী বন বিষয়াক আজি আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা, বাগসা জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল ডেকা, ভৃগু কুমাৰ নাথ আদিয়ে সুকীয়া সুকীয়াকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ বন বিষয়াগৰাকীক মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, মানাহৰ জীপ ছাফাৰি সন্থা, মানাহ ল’জ এছ’চিয়েছন, আৰণ্যক, মিউজ আদিয়েও শুভেচ্ছা জ্ঞাপন কৰে ৷

Exit mobile version