জাগ্ৰত হ’ল ইন্দোনেছিয়াৰ ছেমেৰু আগ্নেয়গিৰি, কমেও ১৩ জনৰ মৃত্যু

106984609 1638627921555 gettyimages 1234873261 AFP 9LN7EZ

ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ল ইন্দোনেছিয়া । শনিবাৰে দুপৰীয়া হঠাতে জাগ্ৰত হ’ল জাভা দ্বীপৰ দীৰ্ঘতম আগ্নেয়গিৰি ছেমেৰু । এই আগ্নেয়গিৰিৰ অগ্ন্যুৎপাতৰ ফলত কমেও ১৩ জন লোকৰ মৃত্যু হ’ল ।

তদুপৰি আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ ফলত আন কে’বাজনো লোক গুৰুতৰভাৱে আহত হৈছে । আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ পাছতে‌ অঞ্চলটোত আতংকৰ পৰিৱেশ অব্যাহত আছে । ইতিমধ্যে প্ৰশাসনে অঞ্চলটোৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ।

উল্লেখ্য যে ইন্দোনেছিয়াত প্ৰায় ১৩০টা সুপ্ত আগ্নেয়গিৰি আছে । যোৱা জানুৱাৰীটো ছেমেৰু আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত হৈছিল ।

Exit mobile version