আম্বানীৰ জিঅ’লৈ প্ৰত্যাহ্বান : ভাৰতত ইণ্টাৰনেট ব্যৱসায়ৰ বাবে অনুমতি বিচাৰিলে মাস্কে

im 433977

এইবাৰ ভাৰততাে ইণ্টাৰনেটৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে। ভাৰতত ইণ্টাৰনেট সেৱা প্ৰৱৰ্তন কৰিব বিচাৰিছে মাস্ক মালিকানাধীন ষ্টাৰলিংকে।

মাস্কৰ প্রতিষ্ঠানটোৱে ভাৰতত ইণ্টাৰনেটৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে অনুমতি বিচৰাৰ ফলত এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি তথা জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানী প্রত্যাহ্বানৰ সন্মুখীন হােৱাৰ সম্ভাৱনা আছে।

জিঅ’ৰ লগতে দেশত বর্তমানে থকা অন্যান্য টেলিকম প্রতিষ্ঠানসমূহাে ষ্টাৰলিংকৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব পাৰে। অৱশ্যে এতিয়াও ভাৰতত ইণ্টাৰনেটসেৱা মুকলি কৰাৰ বাবে প্রয়ােজনীয় অনুমতি ষ্টাৰলিংকে লাভ কৰা নাই।

কিন্তু ষ্টাৰলিংকৰ ভাৰতৰ শাখাৰ সঞ্চালক সঞ্জয় ভার্গৱে প্ৰকাশ কৰা অনুসৰি, ২০২২ৰ ৩১ জানুৱাৰীৰ ভিতৰত প্রতিষ্ঠানটোৱে ভাৰতত বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰাৰ সম্ভাৱনা আছে।

Exit mobile version