“বিজেপি চৰকাৰ দুখীয়াৰ দুখ আৰু সমস্যা দূৰ কৰা চৰকাৰ” : লুনছিং টেৰণ

b37845bb 67d2 4a53 9f27 6f6b380844f6

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত আয়োজিত ভূমি পট্টা বিতৰণ সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচক লক্ষ্য কৰি লৈ কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে হামৰেণ সমষ্টিবাসীক এতিয়াৰে পৰা মাৰ বান্ধি সাজু হবলৈ কোৱাৰ লগতে বিৰোধীৰ কটু সমালোচনা, অপপ্ৰচাৰত পতিয়ন নাযাবলৈ ৰাইজক আহ্বান জনোয়।

পূৰ্বৰ এ এছ ডি চি-কংগ্ৰেছ চৰকাৰৰ দিনত হামৰেণ সমষ্টিবাসীয়ে প্ৰাপ্য সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছিল, কোনো ধৰণৰ পৰিবৰ্তন দেখা নাছিল কিন্তু বিজেপি চৰকাৰৰ দিনত সমষ্টিবাসীয়ে ব্যাপক পৰিবৰ্তন দেখিবলৈ সক্ষম হৈছে আৰু উন্নয়ন-বিকাশৰ ছবি দেখিবলৈ পাইছে বুলি দাবী কৰে তিমুঙে।

উল্লেখযোগ্য যে আয়োজিত সভাৰ মজিয়াতে ২৭ পৰিয়ালে এ এছ ডি চি-কংগ্ৰেছ আৰু এ পি এইছ এছ এল চি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আৰু ইয়াৰ পাছতে হামৰেণ সমষ্টিবাসীৰ বহু সংখ্যক পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰাৰ বিপৰীতে দৰিদ্ৰ হিতাধিকাৰীৰ মাজত চৰকাৰী আঁচনিৰ অধীনত কম্বল বিতৰণ কৰে।

ইফালে সভাত ভাষণ প্ৰসংগত কাৰ্যবাহী সদস্য লুনছিং টেৰণেও বিজেপি চৰকাৰ দুখীয়াৰ দুখ আৰু সমস্যা দূৰ কৰা চৰকাৰ বুলি মন্তব্য কৰাৰ লগতে বিজেপিৰ জয়গান গায় কাৰ্বি আংলঙত সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠনত সহায় সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়।

অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে কাৰ্যবাহী সদস্য লুনছিং টেৰণ, হামৰেণ বিজেপি মণ্ডল কমিটিৰ সভাপতি বীৰেন তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেন তিচ্ছ, কাৰ্বি পৰিষদৰ বৰ্ড অধ্যক্ষ ৰঞ্জিত টেৰণ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, বিজেপি নেতা লংছিং ৰংফাৰ, ছেবীয় বে, আৰচঙ ৰংহাং উপস্থিত থাকে।

Exit mobile version