Death Coffin : এক মিনিটৰ কম সময়ত বেদনাহীন মৃত্যু ! চুইজাৰলেণ্ডত বৈধতা পালে আত্মহত্যা কৰা যন্ত্ৰ

sarco w90hro 1638864836001 1638864841585 1

বিষ, বেদনাহীন অনায়াস মৃত্যু। সময় লাগিব এক মিনিটতকৈও কম ।এনে এক যন্ত্ৰক আইনী স্বীকৃতি দিলে চুইজাৰলেণ্ডে । কফিন আকৃতিৰ এই যন্ত্ৰটো কৃত্ৰিমভাৱে এক মিনিটতকৈও কম সময়ৰ ভিতৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰি মৃত্যু মুখত পেলাব পাৰে। যন্ত্ৰটোৰ নাম দিয়া হৈছে ‘চাৰ্কো’।

স্বেচ্ছাসেৱী সংগঠন ‘এগজিট ইণ্টাৰনেচনেল’য়ে এই যন্ত্ৰটো তৈয়াৰ কৰিছে। এই যন্ত্ৰটো তৈয়াৰ কৰাৰ আঁৰত আছে কোম্পানীটোৰ সঞ্চালক ফিলিপ নিটছ । কেনেদৰে কাম কৰিব এই যন্ত্ৰটো ? সংস্থাৰ দাবী , বাহিৰৰ পৰা যন্ত্ৰটো কৰাৰ লগতে ভিতৰৰ পৰাও যন্ত্ৰটো অন কৰিব পাৰে।

অৰ্থাৎ মৃত্যুৰ আশাত যিজন ব্যক্তিয়ে এই যন্ত্ৰটোত প্ৰৱেশ কৰিব তেওঁ নিজেই যন্ত্ৰটো চলাব পাৰিব। ইয়াতেই আছে মূল সমস্যা।

মৃত্যুমুখত পৰা লোকসকলৰ ক্ষেত্ৰত, তেওঁলোক সাধাৰণতে এই পৰিস্থিতিত অচেতন হৈ পৰে। পেশিশক্তি ব্যৱহাৰৰ কৰিও কোনো কাম কৰাৰ পৰিস্থিতিত তেওঁলোক বেছি ভাগেই নাথাকে ।এই যন্ত্ৰই তেওঁলোকৰ সমস্যাৰ সমাধান কৰিছে বুলিও দাবী সংস্থাৰ ।

ব্ৰিটেইনৰ এখন দৈনিক বাতৰি কাকতৰ প্ৰকাশিত বাতৰি অনুসৰি ।’এগজিট ইণ্টাৰনেচন’লে দাবী কৰে যে সেই পৰিস্থিতিটো মনত ৰাখি, ডিভাইচটোৱে কেৱল চকুৰ পতা লৰচৰ কৰিলেই সংকেত প্ৰাপ্ত কৰিব পাৰে।

সংস্থাটোৱে জনাইছে, যন্ত্ৰটো প্ৰয়োজন অনুসৰি সকলো ঠাইলৈ কঢ়িয়াই নিব পৰা যায় । চাৰ্কোক মূল যন্ত্ৰৰ পৰা পৃথক কৰিলে কফিনৰ দৰে লাগিব আৰু সেই কফিনত এবাৰ শুলেই সকলো শেষ !

বিশেষ ক্ষেত্ৰত, চুইজাৰলেণ্ডত আত্মহত্যাৰ সমৰ্থন প্ৰদান কৰাটো আইনীভাৱে বৈধ। সূত্ৰসমূহে কয় যে যোৱা বছৰ কমেও ১,৩০০ জন লোকে এই প্ৰক্ৰিয়াটোৰ সহায় লৈছিল। সংস্থাৰ দাবী,এইবাৰ আইনী বৈধতা লাভ কৰিলে আত্মহত্যা কৰাৰ এই যন্ত্ৰ’চাৰ্কো’য়ে।

‘ডক্টৰ ডেথ’চিকিৎসক ফিলিপে কয়, “অহা বছৰৰ ভিতৰত চাৰ্কো চুইজাৰলেণ্ডত উপযোগী হ’ব। এতিয়ালৈকে প্ৰকল্পটোত বহুত টকা খৰচ হৈছে। কিন্তু আমি আশা কৰোঁ যে আমি প্ৰয়োগৰ খুব ওচৰত আছো ।”

কিন্তু এই যন্ত্ৰটোক লৈ সমালোচনা কম হোৱা নহয়। বহুতে কয় যে এই সঁজুলিটো গেছ চেম্বাৰক মহিমান্বিত কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নহয়। বহুতৰ মতে, এই যন্ত্ৰৰ মাধ্যমে প্ৰকৃততে সকলো ক্ষেত্ৰতে আত্মহত্যাক মান্যতা দিয়াৰ চেষ্টা কৰা হৈছে।

সূত্ৰৰখবৰ, এতিয়ালৈকে এনে দুটা চাৰ্কো সঁজুলি নিৰ্মাণ কৰা হৈছে। কিন্তু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি, ‘এগজিট ইণ্টাৰনেচন’লে আন এটা যন্ত্ৰত থ্ৰী-ডি প্রিণ্টিং আৰম্ভ কৰিছে। কোম্পানীটোৱে অহা বছৰৰ পৰা চুইজাৰলেণ্ডত এই সেৱা আগবঢ়োৱা আৰম্ভ কৰাৰ লক্ষ্য ৰাখিছে।

Exit mobile version