India-Russia Relation : ভাৰত-ৰাছিয়াৰ ১০ বছৰৰ বাবে সামৰিক চুক্তি

EJRW82lWkAIYH2h

ভাৰত আৰু ৰাছিয়াৰ বৈদেশিকমন্ত্রী আৰু প্রতিৰক্ষামন্ত্রী পর্যায়ৰ (টু প্লাছ টু) সর্বপ্রথম বৈঠকতেই সাফল্যতা দেখা গৈছে বুলি দাবী দিল্লীৰ । সোমবাৰে প্রতিৰক্ষা ক্ষেত্রত দুটা অত্যন্ত গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছে দুই দেশে । দীর্ঘম্যাদি সামৰিক সহযোগিতাৰ ক্ষেত্রতো অনাগত ১০ বছৰৰ বাবে চুক্তি হৈছে মস্কো-দিল্লীৰ । সমগ্ৰ বিষয়টো সংঘটিত হৈছে আমেৰিকাৰ ‘কেটছা’ (কোনো দেশৰ ৰাছিয়াৰ পৰা উচ্চ প্রযুক্তিৰ আৰু বৃহৎ পৰিমাণত যুদ্ধাস্ত্র আৰু যুদ্ধসৰঞ্জাম কিনাৰ ক্ষেত্রত আমেৰিকাৰ নিষেধাজ্ঞা সংক্রান্ত আইন) আইনক অগ্রাহ্য কৰি ।

প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্রতিৰক্ষামন্ত্রী ছের্গেই ছোইগুই আজি প্রথম যি চুক্তিত স্বাক্ষৰ কৰে সেয়া হৈছে প্রায় ছয় লাখ এ কে-২০৩ ৰাইফল ভাৰতত যৌথ উৎপাদন সংক্রান্তত । উত্তৰ প্রদেশৰ অমেঠীত ৰূপায়িত হ’ব পাঁচ হেজাৰ কোটি টকাৰ প্রকল্প । লগতে ২০৩১ পর্যন্ত ভাৰত-ৰাছিয়াৰ সামৰিক প্রযুক্তি সহযোগিতাৰ এটা চুক্তিও স্বাক্ষৰ কৰে দুই দেশৰ প্রতিৰক্ষামন্ত্রীয়ে ।

বৈঠকৰ পাছত প্ৰতিৰক্ষামন্ত্ৰী সিঙে টুইট কৰি কয়, “প্রতিৰক্ষা-সহযোগিতাৰ ক্ষেত্রত কার্যকৰী, ফলপ্রসূ আৰু সর্বাত্মক দ্বিপাক্ষিক আলোচনা হৈছে আজি । ৰাছিয়াৰ স’তে বিশেষ কৌশলগত সম্পর্ক আছে আমাৰ । যি দেশৰ বাবে অত্যন্ত মূল্যৱান ।”

আন এটা টুইট কৰি তেওঁ কয়, “ভাৰতৰ প্রতি ৰাছিয়াৰ গভীৰ সমর্থনত আমি কৃতজ্ঞ । আমি আশা কৰিছো আমাৰ যৌথ সহযোগিতাই সমগ্ৰ অঞ্চলত শান্তি, সমৃদ্ধি আৰু সুস্থিৰতা আনিব ।” চীনক কটাক্ষ কৰি প্ৰতিৰক্ষামন্ত্ৰী সিঙৰ মন্তব্য, ‘‘অতিমাৰী, প্রতিবেশী বলয়ে সামৰিক শক্তিবৃদ্ধিৰ লগতে ২০২০ৰ গ্রীষ্মৰ পৰা উত্তৰ সীমান্তত প্রৰোচনা নকৰাকৈয়ে আগ্রাসনৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিছে । কিন্তু ভাৰতে তাৰ ৰাজনৈতিক দৃঢ়তা আৰু দেশবাসীৰ কর্মদক্ষতাৰ ফলত সেই প্ৰত্যাহ্বান অতিক্রম কৰিব‌ ।’’

বৈঠকৰ আৰম্ভণিতেই বৈদেশিকমন্ত্রী এছ জয়শংকৰে কয়, “আমি এনে সময়ত মিলিত হৈছো যি সময়ত আন্তর্জাতিক ভূৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ আছে । পৰম মিত্র আৰু কৌশলগতভাৱে মিত্ৰ যাষ্ট্র হিচাপে ভাৰত আৰু ৰাছিয়াই নিজ নিজ স্বার্থ ৰক্ষার্থে পৰস্পৰৰ স’তে সংযুক্ত হৈ আছে ।” দুই দেশৰ ৰাজনৈতিক আৰু সামৰিক নেতৃত্বৰ সংযোগৰ দিশটো দাঙি ধৰি জয়শংকৰে কয়, “এই বৈঠকত এটা মঞ্চ তৈয়াৰ হ’ল য’ত পাৰস্পৰিক ৰাজনৈতিক-সামাজিক বিষয়সমূহক লৈ আলোচনা সম্ভৱ ।”

কূটনৈতিক সূত্রৰ মতে, আমেৰিকাক সম্পূৰ্ণ অগ্রাহ্য কৰি যে ভাৰতে ৰাছিয়াৰ স’তে এই বিস্তৃত সহযোগিতা কৰিছে, তেনে নহয় । সকলোখিনি আমেৰিকাক জনায়েই কৰা হৈছে বুলি সূত্রৰ খবৰ । চীনৰ স’তে সীমান্ত সংঘাত চলাৰ সময়তে, এই প্রতিৰক্ষা সৰঞ্জাম ভাৰতৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ ।

সূত্রৰ খবৰ, এই বিষয়টো আমেৰিকাৰ প্রশাসনক বুজাবলৈ সমর্থ হৈছে মোদী চৰকাৰে । দুসপ্তাহ আগতেই এই সন্দৰ্ভত নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দীর্ঘ আৰু গুৰুত্বপূর্ণ বৈঠক কৰে আমেৰিকাৰ চেনেটৰ জন কর্নিনৰ স’তে । কর্নিন সেই দুজন চেনেটৰ এজন যিসকলে সম্প্রতি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক আবেদন কৰিছে, ভাৰতক নিষেধাজ্ঞাৰ আওতাৰ বাহিৰত ৰাখিবলৈ । তেওঁলোকৰ যুক্তি, ভাৰতৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিলে দুই দেশৰ কৌশলগত সম্পর্কৰ বাবে ক্ষতিকাৰক হ’ব ‌।

Exit mobile version