সুস্থ শৰীৰৰ বাবে মানুহে কিমান ঘণ্টা শুব লাগে। বিশেষজ্ঞ তথা চিকিৎসকলে যদিও এগৰাকী সুস্থ ব্যক্তিক নিতৌ আঠ ঘণ্টা টোপনিৰ প্রয়ােজন বুলি উল্লেখ কৰিছে আন একাংশই আকৌ ভাল টোপনি ছ ঘণ্টা হ’লেও সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে বুলি উল্লেখ কৰিছে।
টোপনিৰ সময় যিয়েই নহওক কিয় এই বিষয়টো বয়স, লিংগ, শাৰীৰিক অৱস্থাৰ ওপৰতাে ভালেখিনি নির্ভৰ কৰে। খাদ্যৰ সমানেই গুৰুত্বপূৰ্ণ হ’ল নিদ্রা।
পিছে বিভিন্ন কাৰণৰ বাবে বিশ্বত এতিয়া বহুত লােক নিদ্রাহীনতাত ভুগিছে। ফিলিপছ গ্ল’বেল শ্রীপ ছার্ভেৰ ২০১৯ৰ তথ্য অনুসৰি বিশ্বৰ ৬২ শতাংশ প্রাপ্তবয়স্ক লােকেই নিদ্রাহীনতাৰ সমস্যাত ভুগিছে।
ভাৰতত নিদ্রাহীনতাত ভােগা লােকৰ পৰিসংখ্যাই সকলোেকে চিন্তিত কৰিছে। কিয়নাে দেশখনৰ ৫১ শতাংশ লােকে নিশা ১১ৰ পৰা এক বজাৰ ভিতৰত বিছনালৈ যায়।
১৬ শতাংশ লােকে নিদ্রাহীনতাত ভােগা বুলি অনুভৱ কৰে। আনহাতে, ৮০ শতাংশ কর্মৰত লােকৰ কর্ম ক্ষেত্ৰত থকাৰ সময়তে সপ্তাহত এদিনৰ পৰা তিনি দিন পর্যন্ত টোপনি ধৰে।
এনেদৰে টোপনিয়াই কাম কৰাৰ ক্ষেত্ৰত নিজৰ লগতে কামতাে ক্ষতিসাধন হয়। আমেৰিকাত ৩৬ শতাংশ, ইউৰােপত কমেও ৪০ শতাংশ, জাপানত ৩০ শতাংশতকৈও অধিক লােকে নদ্রাহীনতাৰ সমস্যাত ভােগে।
কর্মক্ষম লােকৰ নিদ্রাহীনতাৰ বাবে নিজৰ ক্ষতি হােৱাৰ লগতে দেশৰ অর্থব্যৱস্থাৰ ওপৰতত ইয়াৰ প্ৰভাৱ পৰে। বিষয়টোৰ ওপৰত যদি গুৰুত্ব প্রদান নকৰে তেতিয়াহ’লে সময়ত ই জটিল ৰূপ ধাৰণ কৰাত আশংকা থাকে।






























