অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ নকৰিলে আন্দোলনৰ সকীয়নি বিটিআৰ শিক্ষক সন্থাৰ

আগন্তক ১১ ডিচেম্বৰৰ ভিতৰত বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে চৰকাৰে কোনো আলোচনাৰ ব্যৱস্থা নকৰিলে ১২ ডিচেম্বৰৰ পৰাই ধাৰাাবাহিক আন্দোলনৰ হুংকাৰ সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চপ্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ।

আজি চিৰাং জিলা সমিতিৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনায় যে বিগত সময়ত হোৱা আন্দোলনৰ পাছতে কোকৰাঝাৰ পশ্চিম সমষ্টীৰ বিধায়ক লৰেঞ্চ ইচলাৰীয়ে এই সন্দৰ্ভত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ স’তে চলিত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে চৰকাৰৰ স’তে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি আঠ ডিচেম্বৰলৈ আলোচনা নোহোৱাত জাঙুৰ খাই উঠিছে সন্থা।

যাৰ বাবে অহা ১১ ডিচেম্বৰৰ ভিতৰত কোনো আলোচনা নহ’লে আকৌ ১২ ডিচেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে সন্থাই।

Exit mobile version