অৱসৰী কৃতী শিক্ষক -অধ্যক্ষ,সমাজসেৱী দেৱেশ্বৰ দাসৰ বিয়োগ

5ad49ca7 082d 495b aa89 f91c7dd71578

ভৱানীপুৰৰ নিকটবৰ্তী গলিয়া – কঠালৰটাৰী গাঁৱত জন্ম গ্ৰহণ কৰা তথা সম্প্ৰতি বৰপেটাৰোডৰ আৰণ্যকৰ বাসিন্দা,বৰপেটাৰোড সজনীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী দেৱেশ্বৰ দাস (৭৬)ৰ মঙলবাৰে নিশা প্ৰায় বাৰ বজাত গুৱাহাটীৰ নাৰায়ণা হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে।

দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল।এসময়ৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাপুগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূগোল বিষয়ৰ বিষয় শিক্ষকৰূপে কৃতিত্বৰে শিক্ষকতা কৰা দেৱেশ্বৰ দাসে পাছত সজনীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৈ শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ছাত্ৰ জীৱনৰে পৰাই বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মীৰূপে পৰিচিত দেৱেশ্বৰ দাসে বৃহত্তৰ অঞ্চলটোত এক সামাজিক ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁ এগৰাকী লেখকো আছিল।

মৃত্যুৰ সময়ত পত্নী,তিনি গৰাকী কন্যা সন্তানকে ধৰি অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যোৱা দেৱেশ্বৰ দাসৰ বিয়োগত বৃহত্তৰ ভৱানীপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Exit mobile version