ডিঙিৰ বিষ, দুৰ্বলতা : অ’মিক্ৰনত আক্রান্ত হ’লে কি কি উপসর্গই দেখা দিয়ে ?

2 HL MC longcovid result

কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনৰ সংক্রমণে ইতিমধ্যে ভাৰততাে ক’ভিড কেন্দ্রিক উদ্বিগ্নতা বৃদ্ধি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে ইতিমধ্যে দেশবাসীক সতর্ক কৰি কৈছে যে প্রয়ােজনীয় সাৱধানতা অৱলম্বন নকৰিলে ভাৰতত ক’ভিডৰ এই প্রজাতিয়ে সংক্রমণৰ তৃতীয়টো ঢৌৰ সৃষ্টি কৰিব পাৰে।

কিন্তু কেনেকৈ চিনাক্ত কৰিব অমিক্রনৰ সংক্রমণ হ’লে ? কিদৰে বুজিব যে আপােনাৰ শৰীৰত ক’ভিডৰ এই নতুন প্রজাতিয়ে বাহ পাতিছে। অ’মিক্রনৰ উপসর্গসমূহ কেনে?

গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, ক’ভিডৰ আন প্ৰজাতিৰ তুলনাত অ’মিক্রনৰ সংক্ৰমণৰ ক্ষেত্ৰত কিছু পৃথক উপসর্গই ৰােগীৰ শৰীৰত দেখা দিছে।

বর্তমানলৈকে ভাৰতত ২৩ জন লােকৰ শৰীৰত অ’মিক্রনৰ সংক্রমণ ধৰা পৰিছে আৰু এইসকল লােকৰ ক্ষেত্ৰত দেখা দিয়া উপসর্গ ভিতৰত ডিঙিত বিষ অনুভৱ কৰা, দুর্বলতা অনুভৱ আৰু সমগ্র শৰীৰত বিষ অনুভৱ কৰা অন্যতম।

অৱশ্যে একাংশ আক্ৰান্তৰ শৰীৰত কোনাে উপসর্গই দেখা দিয়া নাই। ডেল্টা আৰু অন্যান্য ক’ভিড প্রজাতিৰ ক্ষেত্ৰত অন্যতম উপসর্গ আছিল শ্বাসকষ্ট আৰু ঘ্রানশক্তি বিলােপ।

কিন্তু অ’মিক্রনত আক্ৰান্তৰ শৰীৰত এই দুটা লক্ষণ বিশেষভাৱে প্রত্যক্ষ হােৱা নাই। বিশেষজ্ঞসকলে পৰামর্শ দি কৈছে যে শীতত বিষ-বেদনা আদি হােৱাটো স্বাভাৱিক বুলি ভাবি কোনাে ব্যক্তিয়ে ডিঙিৰ বিষ, মূৰৰ বিষ, শৰীৰৰ বিষ আৰু দুর্বলতা অনুভৱ কৰিলে পলম নকৰি চিকিৎসকৰ পৰামর্শ লােৱা উচিত।

তদুপৰি অ’মিক্রনৰ সংক্ৰমণৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ হ’লে মাস্ক পৰিধান কৰা, নিৰাপদ দূৰত্ব বিধি মানি চলা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা অতি জৰুৰী।

Exit mobile version