পৰৱৰ্তী মহামাৰী কৰ’নাতকৈও অধিক ঘাতক হ’ব : অক্সফ’র্ডৰ শংকা

coronavirus de wuhan 0

ভৱিষ্যতে এই ধৰালৈ আগমন ঘটিব পৰা মহামাৰীসমূহ কৰ’নাতকৈও অধিক ঘাতক হ’ব পাৰে। কৰ’নাৰ প্রকোপৰ পৰা লাভ কৰা শিক্ষা বিশ্ববাসীয়ে পাহৰা উচিত নহ’ব।

ADVERTISEMENT

এই বিশ্বই সুনিশ্চিত কৰিব লাগিব যে পৰৱর্তী ভাইৰাছৰ আক্ৰমণৰ বাবে সকলাে দিশৰ পৰা বিশ্ববাসী সাজু হৈ আছে। এই মন্তব্য প্রকাশ কৰিলে অক্সফ’র্ড-এষ্ট্রাজেনেকাৰ প্রতিষেধক উদ্ভাৱনকাৰী দলৰ সদস্য বিজ্ঞানী ছাৰাহ গিলবার্টে।

বিজ্ঞানীজনৰ মতে, অ’মিক্রন প্রজাতিৰ প্ৰভাৱ ইমানে অধিক হ’ব পাৰে যে কৰ’নাৰ বৰ্তমানলৈকে উপলব্ধ প্রতিষেধকে ইয়াক প্ৰতিৰােধ কৰিবলৈ সফল নহ’ব পাৰে।

জন হপকিন্স ইউনিভাৰচিটীৰ তথ্য অনুসৰি, কৰ’না ভাইৰাছত আক্রান্ত হােৱাৰ ফলত বর্তমানলৈকে বিশ্বজুৰি ৫২.৬ লাখৰাে অধিক লােকৰ মৃত্যু হ’ল।

তদুপৰি ক’ভিডৰ সংক্রমণে বিশ্বৰ প্ৰায়বােৰ দেশৰে ব্যাপক আর্থিক ক্ষতিসাধন কৰাৰ লগতে কোটি কোটি লােকৰ জীৱিকা কাঢ়ি নিলে।

ক’ভিড মহামাৰীৰ পৰিণতিত বিশ্বৰ আর্থিক উৎপাদন ব্যৱস্থাটোও যথেষ্ট প্রভাৱিত হল। বি বি চিৰ প্ৰতিবেদনৰ বাতৰি অনুসৰি, ৰিচাৰ্ড ডিমবেন্দি ভাষণ অনুষ্ঠানত অংশ লৈ বিজ্ঞানী গিলবার্টে কয় যে আগন্তুক সময়ত আগমন ঘটিব পৰা ভাইৰাছ কৰ’নাতকৈও অধিক ভয়াৱহ আৰু ঘাতক হােৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

আগন্তুক সময়ত মহানগৰীৰ সৃষ্টি হ’লে ই অধিক সংক্ৰামক বা ঘাতক অথবা দুয়োটাই হ’ব পাৰে বিজ্ঞানী গিলবার্ট মতে, কৰ’না পৃথিৱীলৈ আগমন ঘটা অন্তিমটো ভাইৰাছ নহয়।

অক্সফ’র্ড বিশ্ববিদ্যালয়ে প্রতিষেধক বিজ্ঞানৰ অধ্যাপক গিলবার্টে কয় যে বিশ্বই এই কথা সুনিশ্চিত কৰিব লাগিব যে পৰৱর্তী ভাইৰাছৰ সংক্রমণ প্ৰতিৰােধৰ বাবে আমি সকলাে দিশৰ পৰা সাজু আছাে।

যিকোনাে সময়তে আগন্তুক দিনত নতুন ভাইৰাছৰ আগমনে আমাৰ জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰাৰ লগতে মানৱ স্বাস্থ্যৰাে ভয়াৱহ ক্ষতি কৰাৰ যথেষ্ট শংকা আছে বুলি প্রতিষেধক বিজ্ঞানীজনে মত পােষণ কৰে।

মহামাৰীৰ সন্মুখীন হ’বলৈ প্রয়ােজনীয় প্রস্তুতিৰ বাবে বিশ্বৰ প্ৰতিখন দেশে পৃথক পুঁজি গঠন কৰাৰ প্রয়ােজন আছে বুলিও গিলবার্টে পৰামর্শ দিয়ে।

বিজ্ঞানীজনৰ মতে, বিশ্বত প্রতি বছৰে কমেও ১০ বিলিয়ন ডলাৰ অর্থাৎ ৭৫৩ বিলিয়ন টকা মহামাৰী প্ৰতিৰােধৰ বাবে মজুত ৰখাৰ প্রয়ােজন আছে বুলি তেওঁ কয়।

Exit mobile version