মহানগৰীৰ আকাশত বিকত শব্দ ? কি এই শব্দ

আজি পুৱাৰে পৰাই মহানগৰীৰ বিভিন্ন অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশ । আকাশত উৰিছে বহু কেইখন ফাইটাৰ জেট। চাৰিওফালে বিজুলী ধেৰেকনিৰ দৰে শব্দ ।

দুৰন্ত গতিত চলিছে যুদ্ধ বিমান । আতংকিত হৈছে অঞ্চলবাসী । বিশেষকৈ জ্যেষ্ঠ আৰু শিশুসকলে ভয় খাইছে এই বিকত শব্দত। বহু সময় ধৰি এই বিমান আকাশত উৰি থকা দেখা গৈছে।

বিভিন্নজনে ঘৰৰ বাহিৰত ওলাই আহি উমান লবলৈ চেষ্টা কৰিছে ঘটনাটো কি । প্ৰথম অৱস্থাত কোনো কোনোৱে যুদ্ধ হোৱা বুলি অনুমান কৰিছিল আৰু কিছুসংখ্যক লোকে এই শব্দ ভূমিকম্পৰ ফলত হোৱা বুলি অনুমান কৰিছিল যদিও পাছলৈ এই প্ৰশ্নৰ সমাপ্তি ঘটে আৰু জানিব পাৰে যে এই শব্দ নতুন ফাইটাৰ জেটৰ প্ৰশিক্ষণৰ ।

Exit mobile version