ৰাছিয়াৰ সকীয়নি আমেৰিকাৰ : ইউক্ৰেইনক আক্ৰমণ কৰিলে প্ৰেৰণ কৰিম সেনা, আৰোপ কৰা হ’ব নিষেধাজ্ঞা

jpg

ইউক্রেইন প্রসংগত ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘাত অব্যাহত আছে। আমেৰিকাই মঙলবাৰে কয় যে যদিহে ৰাছিয়াই ইউক্রেইনক আক্রমণ কৰে, তেন্তে তেনে পৰিস্থিতিত ইউক্রেইনত আমেৰিকাই নিজৰ সেনা নিয়ােগ কৰিব।

তদুপৰি ৰাছিয়াৰ বিৰুদ্ধে প্রয়ােজনত একাধিক ধৰণৰ নিষেধাজ্ঞা আৰােপ কৰাৰাে পদক্ষেপ আমেৰিকাই গ্রহণ কৰিব বুলি হােৱাইট হাউছে স্পষ্ট কৰি দিছে।

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্রাডিমীৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ মাজত টেলিফোনিক বার্তালাপৰ পূর্বে আমেৰিকাই আজি ৰাছিয়াক এইদৰে ইউক্রেইন প্রসংগত সকীয়নি দিলে।

আমেৰিকা আৰু ইউৰােপীয় দেশে স্পষ্ট কৰি কয় যে ইউক্রেইনক আক্রমণ কৰিলে ৰাছিয়াৰ সবাতােকৈ বৃহৎ বেংক আৰু অন্যান্য বিদেশী মুদ্রাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰােপ কৰা হ’ব।

উল্লেখ্য যে ইউক্রেইন সীমান্তত ইতিমধ্যে ৰাছিয়াই এক লাখতকৈ অধিক সৈনিক নিয়ােগ কৰিছে। ২০১৫ বৰ্ষৰ পাছত সম্প্রতি ইউক্রেইন আৰু ৰাছিয়াৰ মাজত সর্বাধিক উত্তেজনা বিৰাজ কৰিছে। ৰাছিয়াই ইতিমধ্যে ইউক্রেইনৰ স’তে প্রত্যক্ষ সম্পর্ক বন্ধ ৰাখিছে।

Exit mobile version