কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত মল্লিকা পুৰ এল পি স্কুলৰ দুৰৱস্থাৰ।ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰি কাঠাম উন্নতি কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে যদিও প্ৰয়োজনীয় শ্ৰেণী কোঠাৰ অভাৱত উপযুক্ত শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ আহিছে শিক্ষাৰ্থী সকলে।
তেনে এখন প্ৰাথমিক বিদ্যালয় হৈছে গোসাঁইগাঁও শিক্ষা খণ্ডৰ মল্লিকা পুৰ এল পি স্কুল। বিদ্যালয়খনৰ দুটা শ্ৰেণী কোঠালী আছিল যদিও ২০১৬ চনত ধুমুহাৰ ফলত গছ ঘৰৰ ওপৰত বাগৰি পৰাত স্কুল গৃহটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে।
তেতিয়াৰ পৰাই এটা কোঠালীৰ ভিতৰত ছয়টা শ্ৰেণীৰ পাঠ দান চলি আহিছে। অকল সেয়াই নহয় শ্ৰেণী কোঠাৰ অভাৱত শিক্ষাত ব্যাঘাত সৃষ্টি হোৱাত গছৰ তলত আৰু বাৰাণ্ডাত পাঠ দান কৰি আহিছে শিক্ষকে।
৭০ গৰাকী শিক্ষাৰ্থী বহিবলৈ নাই শ্ৰেণী কোঠা। তেনে শিক্ষা ব্যৱস্থাৰ দ্বাৰা ভৱিষ্যত কি আশা কৰিব তাকে লৈ এতিয়া প্ৰশ্ন হৈছে ।