কোকৰাঝাৰ জিলাৰ কচুগাঁও শিক্ষাখণ্ডত প্ৰাথমিক শিক্ষাৰ কৰুণ দৃশ্য

উপযুক্ত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত বহু শিক্ষাৰ্থী

WhatsApp Image 2021 12 09 at 12.15.03 PM

যি সময়ত অসমৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ হকে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে তেনে সময়ত কচুগাঁও শিক্ষা খণ্ডৰ এখন বিদ্যালয়ৰ কৰুণ দৃশ্যই সকলোৰে চকু কপালত তুলিছে ।

কোকৰাঝাৰ জিলাৰ কচুগাঁও শিক্ষাখণ্ডৰ ২৩৩ নং চেকাদানী এল পি স্কুলত অসমীয়া আৰু বড়ো দুটা ভাষাৰ মাধ্যম থকা এখন প্ৰাথমিক বিদ্যালয় । দুগৰাকী শিক্ষক আছে, দুয়োজনেই বড়ো মাধ্যমৰ । বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আছে বড়ো আৰু অসমীয়া দুটা মাধ্যমৰে । কিন্তু অসমীয়া মাধ্যমৰ ২৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দিবলৈ নাই অসমীয়া মাধ্যমৰ শিক্ষক ।

যোৱা দুবছৰৰ পৰাই শিক্ষক অবিহনে পাঠদান কৰি আছে । পাঠদান, মধ্যাহ্ন ভোজনকে ধৰি সকলো ধৰণৰ সুবিধাবোৰ প্ৰধান শিক্ষয়িত্ৰীয়ে নিজৰ গাঁথিৰ ধন খৰচ কৰি প্ৰদান কৰি আছে । বিদ্যালয়খনৰ সকলো সমস্যা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জনায় প্ৰধান শিক্ষয়িত্ৰী হিৰন বসুমতাৰীয়ে ।

শিক্ষকৰ অভাৱত শিক্ষাৰ্থীসকলে উপযুক্ত পাঠ আহৰণৰ পৰা বঞ্চিত হৈ আহিছে । ভৱিষ্যৎ জীৱন গঢ়াৰ আৰম্ভণিতে ব্যৰ্থ হৈছে কণ কণ শিশুবোৰ । সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ।

Exit mobile version