ছয়ৰ পৰা ন জানুৱাৰীলৈ স্তব্ধ হ’ব চৰকাৰী কাম

পিতৃ-মাতৃ, শাহু-শহুৰৰ লগত সময় কটাবলৈ চৰকাৰৰ কৰ্মচাৰীক দুদিন ছুটী ঘোষণা

istockphoto 165051681 612x612 1

কেবিনেট বৈঠকৰ সিদ্ধান্তৰ আধাৰত অসম চৰকাৰৰ কৰ্মচাৰীসকলে অহা ছয় আৰু সাত জানুৱাৰীত পিতৃ-মাতৃ, শাহু-শহুৰৰ লগত সময় কটাবলৈ ছুটী লাভ কৰিব । চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননীযোগে এই কথা সদৰী কৰিছে । বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্নন স্বাক্ষৰিত জাননীত লগতে এই কথাও উল্লেখ কৰা হৈছে – কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে উক্ত দুদিনকে ধৰি একেলগে মুঠ চাৰিদিন ছুটী লাভ কৰিব । কাৰণ আঠ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ন জানুৱাৰী দেওবাৰ ।

পিতৃ-মাতৃ, শাহু-শহুৰৰ লগত যাতে কৰ্মচাৰীসকলে অধিক সময় পাৰ কৰিব পাৰে তাৰ বাবেই দ্বিতীয় শনিবাৰ আৰু দেওবাৰৰ দিন দুটা মিলাই আগৰ দুটা দিন ছুটী দিয়া হৈছে ।

জাননীখনত চৰকাৰৰ মন্ত্ৰীসকলকো এই ছুটীৰ আওতাত ধৰা হৈছে । তাত উল্লেখ কৰা হৈছে যে মহন্ত্ৰীসকলেও পিতৃ-মাতৃ, শাহু-শহুৰৰ লগত সময় কটাবলৈ এই সুযোগ ল’ব পাৰিব । উল্লেখ্য যে বঙাইগাঁৱত অলপতে অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সংশ্লিষ্ট উদ্দেশ্যত দুদিন ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । তেতিয়া একাংশ মন্ত্ৰীয়ে তেওঁলোককো সেই সুযোগ দিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল ।

তাৰ পৰিপ্ৰেক্ষিততে সাধাৰণ প্ৰশাসন বিভাগৰ জাননীখনত মন্ত্ৰীসকলকো সামৰি লোৱা হয় । প্ৰসংগক্ৰমে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছৰে পৰা তেওঁ মাতৃৰ লগত এদিন থাকিব পৰা নাই । চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আগন্তুক ইংৰাজী নৱবৰ্ষৰ প্ৰথমতেই চাৰিদিন ৰাজ্যৰ চৰকাৰী সকলো কাম-কাজত শ স্তব্ধ হৈ পৰাটো খাটাং হ’ল ।

Exit mobile version